কলা শিক্ষা – Art and Creative Education, D.el.Ed Course 2023

কলা শিক্ষা এক বহুল পৰিসৰৰ বিষয়। মানৱ সমাজ ব্যৱস্থাৰ আদিৰে পৰাই বিভিন্ন কলাৰ অভ্যাস তথা চৰ্চা হৈ আহিছে। সময়ৰ গতিত কলাৰ লগত মানুহৰ সৌন্দৰ্যবোধৰ ধাৰণা জড়িত হৈ শিল্পৰ ৰূপ লয়।

আদিম অৱস্থাত যেতিয়া ভাষাৰ বিকাশ হোৱা নাছিল তেতিয়া শিল্প কলাই মানুহৰ মাজত ভাৱ প্ৰদানৰ এক মাধ্যম ৰূপে ব্যৱহৃত হৈছিল। কলাৰ ইংৰাজী প্ৰতিশব্দ হৈছে “আৰ্ট” এই শব্দটো লেটিন ভাষাৰ Ars বা Artem শব্দৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে এক সৃজনীমূলক কাৰ্য।

বিভিন্ন ধৰণৰ কলাৰ জড়িয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ শিক্ষাৰ্থীক দিয়া দিক নিৰ্দেশনাৰ প্ৰক্ৰিয়াটোৱে হ’ল কলা শিক্ষা।

কলা শিক্ষাৰ ভাগ

১) দৃশ্য কলা, ২) পৰিৱেশ্য কলা।

দৃশ্য কলা

যিবোৰ সৃষ্টি চাক্ষুষভাৱে দৰ্শন কৰি তাৰ ৰং, ৰূপ, অৰ্থ, হৃদয়ংগম কৰাৰ লগতে সৌন্দৰ্য উপভোগ কৰিব পাৰি তেনেবোৰ কলাকে প্ৰধানকৈ দৃশ্য কলা বুলি কোৱা হয়। যেনে- চিত্ৰ কলা, ভাস্কৰ্য কলা, পুতলা নিৰ্মান, অধিস্থাপন আদি। দৃশ্য কলা সংৰক্ষন কৰিবও পাৰি আৰু প্ৰদৰ্শন কৰিবও পাৰি। এই কলাৰ সৈতে নিৰ্দিষ্ট কিছুমান সময় সভ্যতাৰ মানুহৰ বৌদ্ধিক চিন্ত দৰ্শনৰো উমান পাব পাৰি।

পৰিৱেশ্য কলা

ই এক সম্পূৰ্ণ প্ৰদৰ্শনকামী আৰু মনোৰঞ্জনধৰ্মী কলা।এই কলা প্ৰদৰ্শনকাৰীৰ আৱেগ, অনুভূতি, অভিমত ইত্যাদি অভিব্যক্তিবোৰ মানুহে একাত্ম হৈ দেখে আৰু উপভোগ কৰিব পাৰে । পৰিৱেশ্য কলাত শিল্পী জনে তেওঁৰ কণ্ঠ আৰু শৰীৰ ব্যৱহাৰ কৰাটো অপৰিহাৰ্য। উদাহৰণ- বিভিন্ন নৃত্য, নাটক, মুকাভিনয়, সংগীত, কবিতা আবৃত্তি আদি।

আবৃত্তি

“পুন: পুন: অৰ্থানুসন্ধানাং আবৃত্তি” কোনো শব্দ বাৰে বাৰে উচ্চাৰণ কৰি অৰ্থ উদ্ধাৰ কৰাই হ’ল আবৃত্তি। ই এক সুক্ষ্ম পৰ্যবেক্ষক যুক্ত পৰিৱেশ্য কলা। কবিতা এটাৰ ভাৱ, ছন্দ, তাল, লয়, আৰু উচ্চাৰণ সঠিক ৰাখি শ্ৰুতিমধুৰ কণ্ঠেৰে মুখৰ অভিব্যক্তিসহ প্ৰকাশ কৰাকে আবৃত্তি বোলা হয়।

এংকৰিং

এক কলা বৃত্তি। আকাশবাণী, দূৰদৰ্শন, আদি ৰাজহুৱা প্ৰচাৰ মাধ্যমত একোজন এংকৰ বা ঘোষক- ঘোষিকাৰ এক গুৰুত্ব পূৰ্ণ ভূমিকা আছে। দৰ্শকৰ আগত বা শ্ৰোতাক বাতৰি বা কথাবোৰ সু-স্পষ্টকৈ, সহজে বুজাকৈ কোৱাটোৱে ঘোষক- ঘোষিকাৰ মূল কৰ্তব্য। মাত, শব্দৰ উচ্চাৰণ, বাতৰি বা কথা কওঁতে প্ৰদৰ্শন কৰা অভিব্যক্তিৰ ওপৰত শ্ৰোতা দৰ্শকৰ আকৰ্ষণ বৃদ্ধি আৰু হ্ৰাস পায়। আজি কালি সভা, সমিতি, সাংস্কৃতিক অনুষ্ঠান, মেল ইত্যাদিটো এংকৰ বৃত্তিধাৰী লোকৰ গুৰুত্ব বাহিছে। এংকৰৰ প্ৰধান গুন কেইটা হ’ল- সাহসী, সুন্দৰ কণ্ঠ, ভাষাজ্ঞান, যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা আদি।

বাতৰি পঠন

এক পৰিৱেশ্য কলা। সংযত ভাষা, সঠিক উচাৰণ আৰু সুন্দৰ কণ্ঠৰ জৰিয়তে দৰ্শক আৰু শ্ৰোতাক আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় খৱৰ বাতৰি কোৱা কাৰ্যই হৈছে বাতৰি পঠন।

Home

Job Notifications

Google

FAQ

সাংবাদিকতাৰ নীতি কি?

সততা, সত্যতা, তিনি নিখুঁত, নিস্বাৰ্থ, সৎবিচাৰ, নিয়াৰি।

শিশুৰ বাবে সাধু কেনে হোৱা উচিৎ?

 শিশুক সদায় যোগাত্মক, জ্ঞানসূলভ, সুস্থ আৰু সফল পৰিসমাপ্তিৰ সাধু কৱ লাগে।

নাটক কি?

যি কলাৰ জৰিয়তে সুস্থ জীৱন বোধৰ সম্পূৰ্ণ কলাসন্মত কাহিনী এটা আবেদনপূৰ্ণ ভাৱে কিছুমান অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা দৰ্শকৰ সন্মূখত নিৰ্দিষ্ট পৰিৱেশত নিৰ্দিষ্ট পদ্ধতিৰে সংলাপ আৰু অংগী-ভংগীৰে ৰূপায়ণ কৰা হয় তাকে নাটক বোলে। ভৰত মুনিৰ মতে মানুহে ক্ৰিয়া কলা অনুসৰণ কৰাই হৈছে নাটক।

নাটকৰ সূত্ৰ কি?

কল্পনা, পৰিৱেশ, ব্যক্তিগত অনুভৱ।

পষ্টাৰ কি?

এক শিল্পকলাৰ মাধ্যম। বাণিজ্যিক কলাৰ অন্তৰ্গত এক বিষয়। পষ্টাৰৰ দ্বাৰা একোটা শব্দ বা শব্দৰ সমষ্টিৰ জৰিয়তে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিব পৰা শিল্প কৰ্ম। পষ্টাৰত ছবি অঁকাৰ লগতে বাৰ্তা লিখা হয়।

পষ্টাৰ নিৰ্মাণ কেনেদৰে কৰা হয়?

১) সঠিক জোখ মাখ কৰি আহিলা সমূহ লোৱা। ২) প্ৰত্যেক্ষদৰ্শীয়ে চিন্তা কৰিব পৰা বাৰ্তা থাকিব লাগে। ৩) গ্ৰাফিকচ নিৰ্বাচন কৰা। ৪) ৰঙৰ সংমিশ্ৰণ কৰা, ৫) পাঠ বা বাক্যাংশ অন্তভুক্তিকৰণ।

ইলাচট্ৰেচন বা ব্যাখ্যা চিত্ৰ কি?

কোনো এক কথা, ধাৰণা, বা কাম এটাৰ ব্যাখ্যাৰূপ বা দৃশ্যৰূপ। যি প্ৰকাশিত মাধ্যমবোৰ যেনে প’ষ্টাৰ, আলোচনী, কিতাপ, শিক্ষণ-সামগ্ৰী, এনিমেচন, ভিডিঅ গেম, আৰু চিনেমা আদিৰ বাবে সজোৱা হয়। ইয়াৰ সহায়ত কোনো কাহিনী একোটা মুখেৰে নকলেও ফুটাই তুলিব পৰা যায়।

মিউৰেল পেইণ্টিং কি?

এক প্ৰকাৰৰ ছপা আৰু অংকিত চিত্ৰৰ এক অংশ বিশেষ। ইয়াক বিশেষকৈ পকী বেৰ, চিলিং, আৰু অন্যান্য স্থায়ী কিছুমান ঠাইৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। মিউৰেল পেইণ্টিং মূলত স্থাপত্য বিদ্যাৰ লগত জড়িত। ঘৰ, বাংলো আদিৰ কিছুমান ঠাইক সমাহিত সৌন্দৰ্যৰ আকৰৰূপে উজ্জ্বলাই তুলিবলৈ মিউৰেল পেইণ্টিংৰ ছৱি ব্যৱহাৰ কৰা হয়। ১৯শ শতিকাৰ শেষৰ ফালে ব্যৱহাৰ হোৱা কৌশল সমূহ আজি প্ৰৰ্যন্ত চলি আছে। কষ্টকৰ চিত্ৰ কৰ্ম। উদাহৰণ- অজন্তা গুহাৰ চিত্ৰ, কৈলাশনাথ মন্দিৰৰ চিত্ৰ, ইলোৰা গুহাৰ চিত্ৰ। আৰম্ভ হৈছিল ১৬শ শতিকাত ইউৰোপত।

নক্সা কি?

এক নিৰ্দিষ্ট কৰ্মৰ খচৰা প্ৰস্তুত কৰাকে নক্সা বোলা হয়। ইয়াৰ ভাগ সমূহ- গ্ৰাফিক ডিজাইন, প্ৰিণ্ট বা ছপা, ডিজিটেল ডিজাইন, ঔদ্যোগিক নক্সা।

লেণ্ডস্কেপ বা নৈসৰ্গিক চিত্ৰ কি?

প্ৰকৃতিৰ বৰ্ণিল সৌন্দৰ্যক চিত্ৰৰ বিষয়বস্তু হিচাপে লৈ অংকন কৰা চিত্ৰকে নৈসৰ্গিক চিত্ৰ বোলা হয়। এনে চিত্ৰত আকাশ, পাহাৰ, পৰ্বত, গছ-গছনি, নদ-নদী, জান-জুৰি, পথাৰ অৰণ্য, চৰাই চিৰিকটি, জলপ্ৰপাত আদিক উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

স্থাপত্য কলা কি?

মানুহে নিৰ্মান কৰা ঘৰ, প্ৰসাদ, অট্টালিকা, মন্দিৰ, মছজিদ, গীৰ্জা, পেক্ষাগৃহ, সমাধিস্থল, স্মৃতিসৌধ, কিল্লা আদি স্থাপত্যৰ উদাহৰণ। স্থাপত্য সমূহ নিৰ্মানৰ প্ৰাৰম্ভিক পৰ্যায়ত অৱস্থান অনুযায়ী নক্সা প্ৰস্তুত কৰা হয়। ইয়াৰ সহায়তে স্থাপত্যৰ জোখ-মাখ, উচ্চতা, পৰিধি, দৰ্জা খিৰিকীৰ অৱস্থান, চাদ বা চালৰ জোখ, ভেটি আদিৰ নিৰূপন কৰা হয়। ইয়াৰ সহায়তে কাৰিকৰ সকলে স্থাপত্য সমূহৰ নিৰ্মানৰ কাম আগুৱাই লৈ যায়।

সাংগিতিক বাদ্য কি?

পাঁচবিধ মূখ্য সাংগিতিক বাদ্য। টুকুৰ মৰা বাদ্য, কাঠৰ বাদ্য, তাঁৰ বাদ্য, ধাতুৰ বাদ্য, আঙুলি বা হাতেৰে হেঁচা দি বজোৱা বাদ্য।
১) টুকুৰ মৰা বাদ্য- তবলা, ড্ৰাম, খোল, ঢোল, মৃদংগ, জয়ঢোল, খঞ্জুৰি আদি।
২) কাঠৰ বা বাহঁৰ বাদ্য- পেঁপা, বাঁহী, লুপি।
৩) ধাতুৰ বাদ্য- ডবা, নেগেৰা, বেন পাৰ্টিৰ পেঁপা।
৪) আঙুলি বা হাতেৰে বজোৱা বাদ্য- কী বোৰ্ড, হাৰমনিয়াম, তাল।

সংগীত আৰু সাংগিতিক বাদ্যৰ উপকাৰীতা কি?

মানুহৰ মনলৈ প্ৰশান্তি আনে। মন শান্ত সমাহিত কৰে। শিশুৰ শাৰিৰীক, মনোযোগ ক্ষমতা বৃদ্ধি পায়। উচ্চাৰণ, ভাষাজ্ঞান, স্মৃতি শক্তিৰ বৃদ্ধি হয়। ভাইঅলিন বাদনৰ জড়িয়তে সহযোগিতা, মনোযোগ আৰু নিয়মানুবৰ্তিতা গুণৰ বিকাশ হয়। চাকছফন বাদমৰ জড়িয়তে গণিত আৰু বিজ্ঞানৰ ল’জিকেল সূত্ৰবোৰ ধাৰণা আৰু সহজে চিনাক্তকৰণ কৰিব পৰা ক্ষমতাৰ বৃদ্ধি হয়।

ভাল অভ্যাস গঠন কৰাৰ উপায় কি?

মানসিক চাপ আৰু উদাসীনতা দূৰ কৰা। বেয়া অভ্যাসৰ বিকল্প অভ্যাস গঢ়ি তোলা। পাৰ্যমানে বদ অভ্যাস ত্যাগ কৰাৰ চেষ্টা কৰা। অযথা চিন্তা ভাৱনাৰ পৰা বিৰত থকা। চৌপাসৰ সমাজৰ সৈতে মিলিজুলি বসবাস কৰা। খাদ্য আৰু খাদ্যাভাষৰ প্ৰতি দৃষ্টি প্ৰদান কৰা।

ৰাজা ৰবি শৰ্মা

ভাৰতীয় চিত্ৰশিল্পত নতুন ধাৰাৰ সূচনা কৰা প্ৰথম জন চিত্ৰ শিল্পী।জন্ম ১৮৪৮ চনত কেৰেলাৰ ৰাজপৰিয়ালত। পশ্চিমীয়া শিল্প কৰ্মৰ শৈলিৰ লগত ভাৰতীয় শৈলীৰ মিশ্ৰণ কৰি নতুন ধাৰাৰ জন্ম দিছিল। তৈলৰঙত ভাৰতীয় ধৰ্ম ভিত্তিক চৰিত্ৰ সমূহ অংকন কৰিছিল। সৰস্বতী, দ্ৰুপদী, শকুন্তলা, লক্ষী, সীতাহৰণ আদি।

অমৃতা শ্বেৰগীল

জন্ম ১৯১৩ চনত হাংগেৰীৰ বুডাপেষ্ট চহৰত। তেওঁৰ প্ৰথম পৰ্যায়ৰ চিত্ৰত পশ্চিমীয়া চিত্ৰ শিল্পৰ প্ৰভাৱ দেখা যায়। তেওঁৰ চিত্ৰৰ বিষয় আছিল- দৰিদ্ৰ আৰু নিষ্পেষিত ভাৰতীয়ৰ দূখ বেদনা, ভাৰতীয় নাৰীৰ বিভিন্ন দিশ। উল্লেখযোগ্য শিল্পকৰ্ম- ইয়ং গালৰ্চ, হাংগাৰীয়ান, জিপচি গালৰ্চ, গ্ৰুপ অৱ থ্ৰী গালৰ্চ, ব্ৰাইডচ টয়লেট, ভিলেজ চিন, ব্ৰহ্মচাৰীজ, ৱ’মেন অন চাৰপাই, শ্ৰী নগৰ।

এম এফ হুচেইন

১৯১৫ ত মকবুল ফিদা হুছেইনৰ মহাৰাষ্ট্ৰৰ পান্ধাৰপুৰত জন্মলাভ কৰে। বিজ্ঞাপনৰ ছবি, চিনেমাৰ পষ্টাৰ, বাণিজ্যিক হাৰ্ডিং, আদি কামত নিযুক্ত হৈছিল। তেওঁ প্ৰগেচিভ আৰ্টিষ্ট গ্ৰুপ নামৰ এটি সংগঠনৰ জন্ম দিয়ে। তেওঁ ভাৰতীয় সংস্কৃতিৰ বিভিন্ন উপাদান, পৌৰাণিক সাহিত্য, বৰ্তমান সময়ৰ বিভিন্ন সামাজিক ঘটনাৱলীৰ ওপৰত চিত্ৰ অংকন কৰিছিল। উল্লেখযোগ্য শিল্প কৰ্ম- বেটেল অফ গংগা এণ্ড যমুনা, ত্ৰিবিউট টু হাচমি, দ্যা চিক্সথ চ্যিল, চিংকচেন্স, দ্য পাপেট ডেন্সাৰ্চ, দ্য হৰ্চ ডেট লুকড বেক, বিউটিফুল হৰ্চেচ, মাডাৰ টেৰেচা, গজগামিনী আদি।

অজন্তাৰ গুহা

শিল্পকলাৰ সৰ্বোৎকৃষ্ট আৰু অনুপম নিদৰ্শন। ভাৰতবৰ্ষৰ মহাৰষ্ট্ৰৰ ঔৰংগাবাদ চহৰৰ পৰা ১০৪ কিমি দূৰত অজন্তা গুহা অৱস্থিত। পশ্চিমঘাট পৰ্বতৰ ইন্দ্ৰিয়ানি নামৰ পাহাৰত অজন্তা গুহা অৱস্থিত। ১৮১৯ চনত এই গুহা সমূহ দেখা পায়। মুঠ ৩০ টা গুহা আছে। সূদীৰ্ঘ ৭০০ বছৰ অজন্তা গুহাৰ চিত্ৰকৰ্ম সমূহ অংকন কৰা হৈছিল। অজন্তা গুহাত চিত্ৰৰ উপৰিও শিলত খোদিত ভাস্কৰ্যও আছিল। অজন্তা গুহাৰ মূল বিষয় বস্তু আছিল বৌদ্ধ ধৰ্ম, লগতে হিন্দু আৰু জৈন ধৰ্মৰ কাহিনীয়েও স্থান লাভ কৰিছিল। নানা জীৱ জন্তু, গছ লতা, ফুলপাত, বুদ্ধদেৱৰ জন্ম কাহিনী, জাতকৰ কাহিনী, ৰাজসভা, দাসদাসী, সৈন্যসামন্ত, আদি গুহা চিত্ৰত সুন্দৰকৈ অংকন কৰা হৈছিল। এই সমূহ ফ্লেস্ক পদ্ধতিত অংকন কৰা হৈছিল। মাটি গোবৰ, ধানৰ তুহঁ, আঠাজাতীয় মিশ্ৰনৰ লগত ডাঠ প্ৰলেপ দি ছবিৰ পেক্ষাপট নিৰ্মান কৰা হৈছিল। তাৰ ওপৰত চূনৰ পাতল প্ৰলেপ দি ছবি অঁকা ঠাই প্ৰস্তুত কৰা হৈছিল। এই প্ৰলেম কেঁচা হৈ থাকোতেই বেৰত ছবি আঁকি ৰং বোলোৱা হৈছিল। অজন্তাৰ বৈশিষ্ট্য- বিষয়বস্তু নিৰ্বাচন, দেহআৱয়ৱৰ অপূৰ্ব ভংগীমা, পথালিকৈ বৈ পৰা চকু, অলংকৰণ, ভাৰতীয় নাৰী দেহৰ লাৱন্য আৰু কমনীয়তা ইত্যাদি।

ইলোৰা

মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ পৰা ৩৫ কিমি দূৰত অৱস্থিত। ৩৫ টা গুহা। বিশ্ব ঐতিহ্যপূৰ্ণ। তিনিওটা ধৰ্মৰ আধাৰত। ১ ৰ পৰা ১২ নম্বৰলৈ বৌদ্ধ ধৰ্ম বিষয়ক, ১৩ ৰ পৰা ২৯ নম্বৰলৈ হিন্দু ধৰ্ম বিষয়ক, বাকী ৫ টা গুহা জৈন ধৰ্ম বিষয়ক। ১৫ ফুট বিশাল বুদ্ধৰ পদচিহ্ন আছে। ১৬ নং গুহাত শিৱৰ বিয়াগোম মূৰ্তি আছে। হিন্দু গুহা বোৰত দশাৱতাৰ, বিষ্ণু, ৰামেশৰ আদি দেৱতাৰ ভাস্কৰ্য আছে। জৈন গুহা সমূহত নান্দনিক দৃশ্যৰে ভৰপূৰ। জৈন দৰ্শন আৰু পৰম্পৰা।

খাজোৰাহো

মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাৰ খাজোৰাহোত অৱস্থিত। ভাৰতীয় মন্দিৰ স্থাপত্যৰ অনন্য নিদৰ্শন। এক মন্দিৰ নগৰ। দিল্লীৰ পৰা ৬২০ কিমি দূৰত অৱস্থিত। ৯৫০ খ্ৰী পৰা ১০৫০ খ্ৰী পৰ্যন্ত এই মন্দিৰ সমূহ ১০০ বছৰ কাল নিৰ্মান হৈছিল। হিন্দু আৰু জৈন মন্দিৰ। মন্দিৰৰ সংখ্যা ৮৫ টা, বৰ্তমান ২২ টা মন্দিৰৰ অস্তিত্ব আছে। হনুমান, ব্ৰহ্ম, লক্ষ্মন, বিশ্বনাথ, পাৰ্শ্বনাথ, বিদ্যানাথ, দেৱী জগদম্বা, চিত্ৰগুপ্ত, কাণ্ডাৰী মহাদেউ, বামন, চতুৰ্ভুজ, দুলাদেও, আদিনাথ আদিৰ মন্দিৰ আছে।