চৰ্দাৰ বল্লভভাই পেটেল || Sardar Vallabhbhai Patel – (1875-1950)

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিল ১৮৭৫ চনৰ ৩১ অক্টোৱৰ তাৰিখে গুজৰাটৰ খেদা জিলাৰ কৰমচাঁদ গাঁৱত। চৰ্দাৰ বল্লভভাই পেটেলৰ পিতাকৰ নাম আছিল ঝাভেৰ ভাই পেটেল আৰু মাকৰ নাম আছিল লাড়বাঈ। তেওঁৰ কেৱল মাত্ৰ ১৮ বছৰ বয়সতে সেই সময়ৰ নিয়ম অনুসৰি বৈবাহিক জীৱনৰ আৰম্ভনী কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল ঝবেৰ বাই। বিয়াৰ সময়ত ঝবেৰ বাইৰ বয়স আছিল দহবছৰ।

চৰ্দাৰ বল্লভভাই পেটেলে শিক্ষা জীৱন আৰম্ভ কৰে গাঁৱৰে ওচৰৰ প্ৰাথমিক বিদ্যালয়ত। ষষ্ঠ মান শ্ৰেণীলৈকে পঢ়াৰ পিছত, উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে তেওঁ নাদিয়াদলৈ যায় আৰু নাদিয়াদৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়। ঘৰুৱা আৰ্থিক অৱস্থাৰ বাবে তেওঁৰ শিক্ষা জীৱন সীমনতে শেষ কৰে, পাছত তেওঁ ইংলেণ্ডলৈ গৈ বেৰিষ্টাৰী পঢ়াৰ বাবে ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰীৰ বাবে নামভৰ্তি কৰে, আৰু ইয়াৰ পৰাই তেওঁ ৰোমান আইনৰ বিষয়ত পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে ১৯১২ চনত তেওঁ ভাৰত বৰ্ষলৈ ঘূৰি আহে আৰু কৰ্ম অজীৱনৰ পাতনি মেলে।

কৰ্মজীৱনৰ আৰম্ভনীতে তেওঁ আহমদাবাদত এজন পেচাদাৰী উকিল হিচাপে কাম আৰম্ভ কৰে আৰু এজন ভাল উকীলৰূপে পৰিচিত হয়। ফৌজদাৰী মোকৰ্দমা চলোৱাত তেওঁ বিশেষ সুখ্যাতি অৰ্জন কৰিছিল।

পাচলৈ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হয় আৰু দুখীয়া লোকৰ বাবে কাম কাজ কৰিবলৈ আৰম্ভ কৰে। ১৯২৪ চনত আহমেদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ নেতৃত্ব প্ৰদান কৰে। কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিত্ব কৰিছিল।

-১৯৫০) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল। তেওঁ ১৯২৪ চনৰ আহমেদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ নেতৃত্ব দিছিল। ১৯২৭ চনত পুনৰ আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত জয়ী হৈ পুনৰ তেওঁ অধ্যক্ষ নিৰ্বাচিত হয়। কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৩৬-৩৭ চনত কংগ্ৰেছ পাৰ্লিয়ামেণ্টৰী শাখা কমিটীৰ চেয়াৰমেন নিযুক্ত হয় চৰ্দাৰ বল্লভভাই পেটেল। ১৯৪২ চনৰ ভাৰত-ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত কৰাৰ বাবে ছৰ্দাৰ বল্লভভাই পেটেলৰ লগতে কংগ্ৰেছৰ আন আন শীৰ্ষ নেতা সকলক গ্ৰেপ্তাৰ কৰা হয়।

১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ প্ৰাকক্ষণত অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ ভাইচৰয়ে নেহৰুক আমন্ত্ৰণ জনায় আৰু ১২ ছেপ্টেম্বৰত নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰিত্বত চৰ্দাৰ বল্লভভাই পেটেলে গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰে। তেওঁক ভাৰতৰ লৌহ পুৰুষ বুলি জনা যায়। তেখেতক ভাৰত-ৰত্ন বঁটা প্ৰদান কৰা হয়। তেখেতে গৃহমন্ত্ৰী হৈ থাকোতে ভাৰতৱৰ্ষৰ একত্ৰীকৰণৰ বাবে ব্যৱস্থা হাতত লৈছিল। স্বাধীনতাৰ পাছত বিছিন্ন হৈ যোৱা সৰু সৰু ৰাজ্য সমূহক এক কৰি বিশাল ভাৰতবৰ্ষৰ নিৰ্মান কৰিছিল। ১৯৫০ চনৰ ১৫ ডিচেম্বৰত এই গৰাকী মহান নেতাৰ মৃত্যু হয়।

8th Passed JobsClick Here
10th Passed JobsClick Here
12 Passed JobsClick Here
Graduation Passed JobsClick Here
Post Graduation JobsClick Here
Assam Job