প্ৰজ্ঞান আৰু শিকন – Cognition and Learning, পিয়াজেৰ গঠনবাদ তত্ব – 23

প্ৰজ্ঞান আৰু শিকন-Cognition and Learning, Third semester D.El.Ed Study Materials in Assamese. গঠনবাদী শিকন হ’ল কোনো এক বাস্তৱ পটভূমিত সক্ৰিয় হৈ থকা অৱস্থাত ধাৰণাটোৰ বিষয়ে আহৰণ কৰা বিস্তৃত জ্ঞান। শিক্ষাৰ্থীয়ে ধাৰণা এটাৰ সৈতে জড়িত নানা প্ৰশ্ন সুধি সমালোচনাত্মক বিশ্লেষণ কৰি ধাৰণাটোৰ প্ৰয়োগ জানি আৰু কাৰ্যকলাপ সম্পৰ্কে গভীৰ চিন্তা চৰ্চা কৰি ধাৰণাটো বাখ্যা কৰে।

প্ৰজ্ঞান আৰু শিকন, গঠনবাদৰ নীতি সমূহ

  • যি পটভূমিত ব্যৱহাৰ হয় সেই পটভূমিতে জ্ঞান প্ৰেৰিত হয়।
  • পৃথিৱী আৰু ইয়াৰ উপাদানবোৰৰ সংৰচনা গঢ়াৰ বিভিন্ন উপায় বুলি গঠনবাদী সকলে বিশ্বাস কৰে।
  • নিৰ্দেশনা হ’ল জ্ঞানৰ সংযোগ স্থাপনতকৈ জ্ঞান গঢ়াত সহায় কৰা এক প্ৰক্ৰিয়া।
  • গঠনবাদে শিক্ষাৰ্থীক বাস্তৱ পৃথিৱীৰ পৰিস্থিতিত বিভিন্ন আহিলা-সঁজুলিৰ প্ৰকৃত ব্যৱহাৰ কাৰ্যত নিয়োগ কৰে।
  • শিক্ষণ কাৰ্য-কলাপবোৰ বাস্তৱিক হোৱা দৰকাৰ আৰু শিক্ষাৰ্থীয়ে ভৱা সমস্যাবোৰ এনে কাৰ্যকলাপৰ কেন্দ্ৰ হ’ব লাগে।

পিয়াজেৰ প্ৰজ্ঞাত্মক বিকাশৰ তত্ব

এগৰাকী জীৱ বিজ্ঞানী পিয়াজে ১৯৮৩ চনত শিশুৰ বিকাশৰ চাৰিটা স্তৰ যুক্ত এক তত্ব আগবঢ়াইছিল। এই তত্ব অনুসৰি প্ৰতিটো শিশুৱে বিকাশৰ ভিন ভিন স্তৰত মৌলিকভাৱে ভিন ভিন বৈশিষ্ট্য প্ৰদৰ্শন কৰে। এই চাৰিওটা স্তৰেই এক অপৰিৱৰ্তনশীল ক্ৰমত শৃংখলাবদ্ধভাৱে সংঘটিত হয়। প্ৰতিটো স্তৰৰে প্ৰজ্ঞাত্মক সংৰচনা অথবা আঁচনি নতুন বৈশিষ্ট্যপূৰ্ণ হয়। আঁচনি বা স্কিম হৈছে এগৰাকী ব্যক্তিৰ পাৰিপাশ্চিকতাৰ সৈতে ঘটা আন্ত:ক্ৰিয়াবোৰ সুসংগঠিত কৰি তোলা সুসমন্বিত চিন্তা অথবা কাৰ্যৰ বিন্যাসেই হ’ল আঁচনি। প্ৰজ্ঞাত্মক বিকাশৰ উন্নয়নৰ স্তৰটো সদায় জটিলতৰ আৰু অত্যাধুনিক আঁচনিৰ সৈতে সংযুক্ত বুলি যুক্তি দৰ্শোৱা হয়। ইয়াৰ ফলস্বৰূপে এগৰাকী ব্যক্তি উন্নততৰ আৰু নমনীয় চিন্তা তথা আচৰণৰ গৰাকী হয়।

১) সংবেদী অংগসঞ্চালন তত্ব-

  • (জন্মৰ পৰা ২ বছৰ) পিয়াজেৰ মতে শিশুৱে মাত্ৰ কেইটামান সহজাত অথবা জন্মগত প্ৰত্যাবৃত ক্ষমতাবোৰৰ অভিজ্ঞতা লাভ কৰে, পৰিস্থিতি অনুসৰি প্ৰয়োগ কৰে আৰু অভিজ্ঞতালব্ধ কাৰ্য হিচাপে সংশোধন ঘটায়।
  • পিয়াজে এই স্তৰটোক ছয়টা উপভাগত বিভক্ত কৰিছে।
  • কেচুৱাৰ জন্মৰ পৰা এমাহৰ ভিতৰত সিহঁতৰ প্ৰত্যাবৃত ক্ষমতাৰ পৰিশোধন ঘটে। উদাহৰন স্বৰূপে দুই ওঁঠৰ মাজত কিবা বস্তু দিলে লাহেকৈ চোঁহে, হাতৰ তলুৱাত স্পৰ্শ কৰিলে মুঠি মাৰি ধৰে। এই স্তৰত প্ৰত্যাবৃত ক্ষমতা সমূহ প্ৰনালীবদ্ধ নহয়।
  • প্ৰথম মাহৰ পৰা চতুৰ্থ মাহত কেঁচুৱাই আচৰণৰ পুনৰাবৃত্তি ঘটায়। যেনে- পুতলা থাপ মাৰি ধৰা, মুখলৈ নিয়া আদি। এবাৰ সফলতা অৰ্জন কৰাৰ পাছত বাৰে বাৰে কৰিবলৈ চেষ্টা কৰে। এনে আচৰণক প্ৰাথমিক বৃত্তাকাৰ প্ৰতিক্ৰিয়া বোলা হয়।
  • কেঁচুৱাৰ চাৰিৰ পৰা আঠ মাহৰ স্তৰত আকৰ্ষণ অনুভৱ কৰা কামবোৰ বাৰে বাৰে কৰিবলৈ চেষ্টা কৰে। উদাহৰণ স্বৰূপে- পুতলা মজিয়ালৈ দলিয়াই দিয়া আদি। ইয়াক গৌণ বৃত্তাকাৰ প্ৰতিক্ৰিয়া বোলা হয়। এইটো স্তৰত পৰিৱেশত উপস্থিত বিভিন্ন বস্তুৰ প্ৰতি শিশুৰ আগ্ৰহ বৃদ্ধি পায় আৰু আকৰ্ষিত হয়।
  • কেঁচুৱাৰ আঠৰ পৰা বাৰ মাহলৈ অধিক জটিল আচৰণ কৰিব পৰা হয়। কোনো লক্ষ প্ৰাপ্তিৰ বাবে কেঁচুৱাই দুই অথৱা ততোধিক কাৰ্য সম্পাদন কৰিব পাৰে। কেঁচুৱাৰ গতিবিধিৰ মাজত সমন্বয়ৰ বিকাশ হয়। প্ৰয়োজনীয় বাধা আঁতৰাই ইপ্সিত লক্ষ্যত উপনীত হব পৰা হয়।
  • শিশুৰ বাৰ মাহৰ পৰা ঊঠড় মাহলৈ চলি থকা স্তৰত তৃতীয়ক বৃত্তাকাৰ প্ৰতিক্ৰিয়া বিকশিত হয়। পুনৰাবৃত্তিমূলক প্ৰতিক্ৰিয়াৰ লগতে সামগ্ৰী সমূহৰ উপাদান অন্বেষণৰ পৰীক্ষা আৰম্ভ কৰে। উদাহৰণ স্বৰূপে- শিশুৱে পুতলা এটা মাটিলৈ দলিয়াই ইয়াৰ ফলাফল জনাৰ চেষ্টা কৰে। শিশুৱে নতুন পৰিস্থিতি আৰু নতুন কাম কৰি ভাল পায়।
  • ১৮ৰ পৰা ২৮ মাহ বয়সত শিশুৱে নিজৰ কাম কাজবোৰক আভ্যন্তৰীণভাৱে সজাবলৈ শিকে। এনে বয়সৰ শিশুৱে কাৰ্যৰ জৰিয়তে নহয় কাৰ্যৰ উপস্থাপনৰ জৰিয়েতেহে চিন্তা কৰিবলৈ আৰম্ভ কৰে। শিশুৱে নিজৰ পৰিৱেশত মনৰ ভিতৰতে এক ঈপ্সিত ফলাফল আভ্যন্তৰীণভাৱে সজাই ল’ব পৰা হয়। এই স্তৰত শিশুৱে পৃথিৱীখন লাহে লাহে বুজিবলৈ শিকে।

২) প্ৰাক কাৰ্যসম্পাদন স্তৰ (২ বছৰৰ পৰা ৭ বছৰলৈ)

  • শিশুৰ উপস্থাপনমূলক সামৰ্থৰ বিশেষ বিকাশ হ’ল মূখ্য বিষয়।
  • প্ৰতীক আৰু সংকেতৰ মাধ্যমেৰে বস্তু আৰু ঘটনা বুজাব পৰা সামৰ্থ।
  • ব্যক্তিগত উপস্থাপন ৰূপে প্ৰতীক ব্যৱহাৰ কৰে, যি কেৱল শিশুটোৰ বাবেহে অৰ্থপূৰ্ন।
  • শিশুৰ প্ৰতীক আঁচনি নামৰ প্ৰজ্ঞাত্মক সংৰচনাটোৰ বিকাশ সাধন হয়।
  • স্বচক্ষে আহৰণ কৰা অভিজ্ঞতাৰ লগত জড়িত আচৰণ অনুকৰণ কৰিবলৈ সামৰ্থৱান হয়।
  • পাঁচ বছৰীয়া শিশুৱে সংকেট বা ইংগিতক শব্দ হিচাপে প্ৰয়োগ কৰে।
  • স্বকথোপকথনত লিপ্ত হয়।
  • বস্তুৰ ভৌতিক সজ্জাত হোৱা পৰিৱৰ্তনৰ কথা বুজিৱ নোৱাৰে।
৩) বাস্তৱ কাৰ্য সম্পাদন স্তৰ

অধিক যুক্তি সংগতভাৱে তথ্য সংসাধন কৰিব পৰা হয়।

কাৰ্য সম্পাদন প্ৰক্ৰিয়াই কোনো কাম কেনেকৈ সম্পাদন কৰা হয় তাৰ মানসিক উপস্থাপনৰ ৰূপ লয়। অৱশ্যে ইয়াৰ সীমবদ্ধতা আছে এই উপস্থাপন কেৱল নিৰীক্ষণ সাধ্য পৰিঘটনাবোৰৰ ক্ষেত্ৰতহে ঘটে।

  • এই স্তৰক বাস্তৱ, মূৰ্ত বা নিৰ্মিত স্তৰ বোলা হয়।
  • বিমূৰ্ত কাৰ্য সম্পাদন কৰিবপৰা ক্ষমতা নাথকে।
  • শিশুৱে ৰূপান্তৰৰ গতিশীলতা বুজি পাবলৈ আৰম্ভ কৰে।
  • শিকন সম্ভাৱনীয়তাৰ বৃদ্ধি হয়।
  • প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে।
৪) আনুষ্ঠানিক কাৰ্য-সম্পাদন স্তৰ
  • শিশুৱে নিজৰ বিষয়ে ভাৱিৱ পৰা হয়।
  • প্ৰকৃত ঘটনাৰ লগতে সাম্ভাৱ্য ঘটনাৰ বিষয়েও চিন্তা কৰিব পৰা হয়।
  • পৰিকল্পনা যুগুত কৰা আৰু ইয়াক কাৰ্যত পৰিণত কৰা সহজ হয়।
  • অদৃশ্য শক্তিৰ কথা ভাৱিব পৰা হয়।
  • সমস্যাৰ সমীক্ষা কৰিব পাৰে, সকলোবোৰ সাম্ভাব্য আৰু যুক্তিসংগত কিন্তু অপ্ৰমানিত পৰিণিতিৰ অনুমান কৰিব পাৰে আৰু এটা সময়ত মাত্ৰ এটা সম্ভাৱনা পৰীক্ষা কৰি চাব পৰা হয়।
  • অধিক জটিল সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয়।
  • বিভিন্ন ৰং আৰু আকাৰৰ কাৰ্ড সমূহ শুদ্ধকৈ সজাব পৰা হয়।
প্ৰজ্ঞাত্মক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ

পিয়াজেৰ মতে বিভিন্ন কাৰকে শিশুৰ বিকাশৰ পৰিৱৰ্তনবোৰ নিৰ্ধাৰণ কৰে।

প্ৰথম কাৰকটো হ’ল পৰিপক্কতা। শিশুৱে দৈহিক পৰিপক্কতা লাভ কৰাৰ লগে লগে বিকাশৰ নতুন সম্ভাৱনীয়তাই দেখা দিয়ে। কেৱল জৈৱিক বৃদ্ধিয়েই প্ৰজ্ঞাত্মক বিকাশৰ বাবে যঠেষ্ট নহয়। অভিজ্ঞতাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আন এক কাৰক হ’ল সামাজিক কাৰক

পিয়াজেৰ মতে এটি শিশুৰ প্ৰজ্ঞাত্মক সংৰচনা গঢ়া মৌলিক প্ৰক্ৰিয়া সমূহ হ’ল-

  • i) একত্ৰী কৰন– আহৰণ কৰা তথ্যসমূহ প্ৰজ্ঞাত্মক সংৰচনাত খাপ খুৱাব নোৱাৰা বিধৰ। আহৰণ কৰা তথ্যবোৰ সিহঁতৰ সাম্প্ৰতিক প্ৰজ্ঞাত্মক সংৰচনা অনুসৰি একোটা নতুন আকৃতি ধাৰণ কৰে আৰু তথ্যৰ বিকৃতি ঘটে।
  • ii) সংগতকৰণ- পৰিৱেশৰ দাবী অনুসৰি সাম্প্ৰতিক প্ৰজ্ঞাত্মক সংৰচনাটোৰ শুধৰণি কৰি লোৱা প্ৰক্ৰিয়াটোক সংগতকৰণ বোলে।
  • iii) ভাৰসাম্য স্থাপন- এটি শিশুৱে যেতিয়া পাৰিপাশ্বিককেন্দ্ৰীক উদ্দীপকবোৰৰ সংগত কৰি লয়। তেতিয়া শিশুটিৰ চিন্তাৰ ভাৰসাম্য স্থাপন কৰা বুলি কয়।
তথ্য সংসাধন আৰ্হি

ইয়াৰ তিনিটা উপাদান আছে। সেয়া হ’ল-

সংবেদনাত্মক স্মৃতি

প্ৰতিটো সংবেদী প্ৰণালীয়ে নিজেই নিজৰ সংবেদী তথ্য ভাণ্ডাৰ হিচাপে কাম কৰে। উদ্দীপকৰ পৰা আহৰণ কৰা তথ্য কম সময়ৰ বাবে ধৰি ৰখা হয়। অচেতন মনে যদি কোনো তথ্যক কাৰ্যকৰী স্মৃতিলৈ সলনি নকৰে তেন্তে সংবেদী প্ৰণালীটোৱে মুচি পেলায়।

তৎকালীন স্মৃতি

চেতন মনৰ কেন্দ্ৰ বুলি ধৰা হয়। এই স্মৃতিৰ ক্ষমতা কম। এটা সময়ত অধিক তথ্য সংৰক্ষণ কৰা সম্ভৱ নহয়। সেয়ে এনে স্মৃতিৰ সহায়ত সমস্যা সমাধানৰ সামৰ্থ সীমিত হয়। তথ্যবোৰ চেতন মনত কম সময়ৰ বাবে জমা কৰি ৰাখে। নতুন তথ্যই আগতে জমা হোৱা তথ্যবোৰ তৎকালীন স্মৃতিৰ পৰা অহৰহ ঠেলি উলিয়াই দি থাকে। বয়সৰ অনুপাতে এই কৈশোৰ কালৰ পৰা প্ৰাপ্তবয়স্ক কাল পৰ্যন্ত এই স্মৃতি বাঢ়ি গৈ থাকে।

দীৰ্ঘকালীন স্মৃতি

এগৰাকী ব্যক্তিৰ সকলো গান হ’ল দীৰ্ঘকালীন স্মৃতি। এই স্মৃতিত সঞ্চিত বস্তুবোৰ সুপ্ত অৱস্থাত থাকে। প্ৰয়োজনীয় সময়ত এনে স্মৃতিক কাৰ্যকৰী স্মৃতিলৈ ওভতাই আনি কাৰ্যত প্ৰয়োগ কৰা হয়। ই দুই প্ৰকাৰৰ- স্পষ্ট আৰু অস্পষ্ট। স্পষ্ট স্মৃতি আকৌ দুই প্ৰকাৰৰ শব্দাৰ্থীয় আৰু সংক্ষিপ্ত।

Related Posts
Recent Vacancies
CTET Mock Test
SCERT
Assam Career
প্ৰজ্ঞান আৰু শিকন