বিশ্বকৰ্মা পূজা

বিশ্বকৰ্মা পূজা, এই দিনটো ভাৰতৰ জনসাধাৰণে ঐশ্বৰিক স্থাপত্য শিল্প কলাৰ দেৱতা আৰু বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাতা ভগৱান বিশ্বকৰ্মাক উৎসৰ্গিত কৰে। এই পৱিত্ৰ অনুষ্ঠানটো বিভিন্ন ৰীতি-নীতি আৰু উদযাপনেৰে পালন কৰা হয়, আৰু 2023 চনত, এই পূজা ছেপ্টেম্বৰ মাহৰ 17 বা 18 তাৰিখে পালন কৰা হব।

বিশ্বকৰ্মা পূজাক বিশ্বকৰ্মা জয়ন্তী বুলিও জনা যায়।  এই অনুষ্ঠানটো মুখ্যতঃ ভগৱান বিশ্বকৰ্মাক সন্মান জনোৱাৰ বাবে পালন কৰা হয়, যি হৈছে ঐশ্বৰিক স্থপতিবিদ আৰু অভিযন্তা।

বিশ্বাস কৰা হয় যে ভগৱান বিশ্বকৰ্মা দ্বাৰকাৰ ঐশ্বৰিক চহৰ খন নিৰ্মান কৰিছিল, দ্বাৰকা নগৰখন ভগৱান শ্ৰী কৃষ্ণৰ বাসস্থান। বিশ্বপূজাৰ দিনটোত শিল্পী, আৰু কাৰখানাৰ শ্ৰমিকসকলে ভগৱান বিশ্বকৰ্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত দক্ষতা আৰু সমৃদ্ধিৰ বাবে তেওঁৰ ওচৰত আশীৰ্বাদ বিচাৰে।

বিশ্বকৰ্মা পূজাৰ ৰীতি-নীতি

বিশ্বকৰ্মা পূজা বহুতো ৰীতি-নীতিৰ মাজেৰে পালন কৰা হয়। উক্ত দিনত কৰ্মস্থান, সজুঁলি, মটৰ বাইক, মটৰ গাড়ী, যন্ত্ৰপাতি পৰিষ্কাৰ কৰে আৰু মালাৰে সজায়। ইয়াৰ জৰিয়তে কৰ্মস্থানত এক পৱিত্ৰ আৰু অনুকূল পৰিৱেশ সৃষ্টি কৰে।

শিল্পী সকলে তেওঁলোকৰ সঁজুলি সমূহৰ উপাসনা কৰে। ভগৱান বিশ্বকৰ্মাক সঠিক পথ দেখুৱাৰ বাবে প্ৰাৰ্থনা কৰা হয়। পৰিয়াল আৰু আত্মীয় স্বজনৰ মাজত প্ৰসাদ (পবিত্ৰ খাদ্য) প্ৰস্তুত আৰু বিতৰণ কৰা হয়।

বিশ্বকৰ্মা পূজা উদযাপন

বিশ্বকৰ্মা পূজা কেৱল ৰীতি-নীতি আৰু প্ৰাৰ্থনাই নহয়, এই উৎসৱৰ জৰিয়তে এক্য আৰু সংহতিৰ বানী প্ৰেৰণ কৰে। লোকসকলে শুভেচ্ছা বিনিময় কৰে, প্ৰসাদ, মিঠাই ভাগ বতৰা কৰে, আৰু  উদযাপনৰ বাবে ইজনে সিজনৰ কৰ্মস্থানলৈ যায়।

বিশ্বকৰ্মাৰ পূজাৰ দিনা ভগৱান বিশ্বকৰ্মাৰ প্ৰতিচ্ছবি আৰু কাৰুশিল্পৰ সঁজুলি থকা শুভেচ্ছা পত্ৰ সমূহ বন্ধু আৰু পৰিয়াললৈ প্ৰেৰণ কৰা হয়। কিছুমান ঠাইত সাংস্কৃতিক অনুষ্ঠান, সংগীত আৰু নৃত্য প্ৰদৰ্শনৰ দ্বাৰাও এই উৎসৱ পালন কৰা হয়, য’ত শিল্পী আৰু শিল্পীসকলৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

বিভিন্ন অঞ্চলত বিশ্বকৰ্মা পূজা

বিশ্বকৰ্মা পূজা সমগ্ৰ ভাৰততে উলহ মালহেৰে উদযাপন কৰা হয়। পশ্চিম বংগত, এই উৎসৱ বিশাল ভাৱে পালন কৰা হয়। ভগৱান বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি বনাই বিভিন্ন সাজ-পোচাক, মালা, আদি পিন্ধাই উপাসনা কৰা হয়। অসমতো বৰ্তমান সময়ত বিশ্বকৰ্মা পূজা অতি উলহ মালহেৰে পালন কৰা হয়।

বিশ্বকৰ্মা পূজা কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয় ই সক্ষতা আৰু কৰ্মশক্তিৰ উৎসৱ। যি আমাৰ পৃথিৱীখন সুন্দৰকৈ গঢ়ি তোলাৰ প্ৰেৰণা দিয়ে।