Learning Concept and types -শিকন, শিকনৰ ধাৰণা Deled 23 Free

SCERT D.El.Ed Third semester. Cognition, Learning, and Socio-cultural context, Paper 3.1 first Unit Learning concept and types.

শিকন এনে এক প্ৰক্ৰিয়া যি এজন ব্যক্তিৰ জন্মৰ সময়ৰ পৰাই আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত অব্যাহত থাকে। পৰিৱৰ্তনশীল পৰিৱেশৰ প্ৰয়োজনীয়তা অনুসৰি ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুসৰি শিকাৰ প্ৰচেষ্টাত নিয়োজিত হৈ থাকে।

শিকন হৈছে নতুন কোনো বিষয় বস্তুৰ জ্ঞান, বোধ, আচৰণ, দক্ষতা, মূল্যবোধ, মনোভাৱ আৰু পছন্দ প্ৰাপ্ত কৰাৰ এক প্ৰক্ৰিয়া।

শিকনৰ প্ৰকাৰ

  • দৈহিক শিকন– আমাৰ দৈনন্দিন জীৱনত কৰা বেছিভাগ কাৰ্য কলাপে দৈহিক কাৰ্যকলাপ। ব্যক্তিজনে তেওঁৰ নিয়মীয়া জীৱন বজাই ৰাখিবলৈ সেইবোৰ শিকিব লাগিব, উদাহৰণ স্বৰূপে খোজ কঢ়া, দৌৰা, স্কেটিং কৰা, গাড়ী চলোৱা, বগাই যোৱা ইত্যাদি। এই সকলোবোৰ কাৰ্যকলাপত পেশীৰ সমন্বয় অন্তৰ্ভুক্ত থাকে।
  • মৌখিক শিক্ষণ– এই প্ৰকাৰৰ শিকনত ব্যক্তিয়ে কোৱা ভাষা, আৰু ব্যৱহাৰ কৰা যোগাযোগ সঁজুলি অন্তৰ্ভুক্ত থাকে। চিহ্ন, ছবি, শব্দ, চিত্ৰ আদি হৈছে এনে কাৰ্যকলাপত ব্যৱহৃত সঁজুলি।
  • ধাৰণা শিকন– এই শিকন প্ৰক্ৰিয়া উচ্চস্তৰৰ মানসিক প্ৰক্ৰিয়াৰ লগত জড়িত, যেনে চিন্তা, যুক্তি, বুদ্ধিমত্তা আদি। ব্যক্তিয়ে শৈশৱৰ পৰা বিভিন্ন ধাৰণা আহৰণ কৰে। উদাহৰণ স্বৰূপে, যেতিয়া আমি কুকুৰ এটা দেখি ‘কুকুৰ’ শব্দটো সংলগ্ন কৰোঁ, আমি শিকিম যে কুকুৰ শব্দটোৱে এটা নিৰ্দিষ্ট জন্তুক বুজায়। ধাৰণা শিক্ষনত দুটা প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে, যেনে বিমূৰ্তকৰণ আৰু সাধাৰণীকৰণ। বস্তুবোৰ চিনাক্ত কৰা, চিনাক্ত কৰাত এই প্ৰক্ৰিয়া অতি উপযোগী।
  • বৈষম্যমূলক শিকন– আহৰণ কৰা উদ্দীপনাৰ মাজত পাৰ্থক্য কৰিবলৈ শিকা আৰু এই উদ্দীপনাবোৰৰ প্ৰতি উপযুক্ত সঁহাৰি দেখুওৱাক বৈষম্যমূলক শিকণ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, বাছ, ৰেল, এম্বুলেন্স আদিৰ দৰে বিভিন্ন বাহনৰ হৰ্ণৰ শব্দ সমূহৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।
  • নীতিগত শিকন– ব্যক্তিয়ে বিজ্ঞান, গণিত, ব্যাকৰণ আদিৰ সৈতে সম্পৰ্কিত কিছুমান নীতিৰ শিক্ষা লাভ কৰে। এই নীতিবোৰে সদায় দুটা বা ততোধিক ধাৰণাৰ মাজৰ সম্পৰ্ক প্ৰদৰ্শন কৰে। উদাহৰণস্বৰূপে সূত্ৰ, আইন, পাৰস্পৰিক সম্পৰ্ক ইত্যাদি।
  • সমস্যা সমাধানৰ দ্বাৰা শিকন– এই শিকনৰ বাবে সংজ্ঞানাত্মক ক্ষমতাৰ প্ৰয়োজন। যেনে চিন্তা, যুক্তি, পৰ্যৱেক্ষণ, কল্পনা, সাধাৰণীকৰণ ইত্যাদি। মানুহে সন্মুখীন হোৱা কঠিন সমস্যাবোৰ দূৰ কৰিবলৈ ই অতি উপযোগী।
  • মনোভাৱ শিকন– মনোভাৱ হৈছে এক প্ৰৱণতা যি আমাৰ আচৰণৰ নিৰ্ধাৰণ কৰে আৰু নিৰ্দেশনা প্ৰদান কৰে। আমি আমাৰ শৈশৱৰ পৰা মানুহ, বস্তু আৰু আমি জনা সকলো বিষয়ৰ ওপৰত বিভিন্ন মনোভাৱ বিকশিত কৰোঁ। আমাৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ আচৰণ ইতিবাচক বা নেতিবাচক হ’ব পাৰে। উদাহৰণ স্বৰূপে এগৰাকী নাৰ্চৰ তেওঁৰ বৃত্তি আৰু ৰোগী এজনৰ প্ৰতি থকা মনোভাৱ।

Assamese Lesson Plan PDF

TLM MODEL and others

Recent Job Vacancies

Free Mock Test

শিকনৰ সংজ্ঞা

বিশিষ্ট শৈক্ষিক মনোবিজ্ঞানী ই.এ. গেটছৰ মতে “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে এজন ব্যক্তিৰ আচৰণৰ পৰিৱৰ্তন হোৱা কাৰ্যই শিকন। শিকনত সেই কাৰক বা শক্তিবোৰ অন্তৰ্ভুক্ত থাকে যি আমাৰ আচৰণত তুলনামূলকভাৱে স্থায়ী বা অস্থায়ী পৰিৱৰ্তন আনিবলৈ সক্ষম হয়।

ক্ৰ আৰু ক্ৰৰ মতে- শিকন হৈছে অভ্যাস, জ্ঞান আৰু মনোভাৱ আহৰণ কৰা প্ৰক্ৰিয়া। ইয়াত নতুন ভাৱে কাৰ্য সম্পাদন কৰাৰ উপায় অন্তৰ্ভুক্ত থাকে, আৰু ই এজন ব্যক্তিৰ বাধা অতিক্ৰম কৰিবলৈ বা নতুন পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ কৰা প্ৰচেষ্টাত সহায় কৰে।

শিকনৰ প্ৰকাৰ

  • কৌশলপূৰ্ণ শিকন- এই প্ৰকাৰৰ শিকন কাৰ্যত শিক্ষাৰ্থী বা শিশুৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বিভিন্ন কাৰ্যসমূহ ৰূপায়নৰ যোগেদি শিশুৱে এই সমূহৰ কৌশল আয়ত্ব কৰিবলৈ সক্ষম হয়। যেনে- কথা কোৱা, লিখা, খেলা, পঢ়া ইত্যাদি।
  • সংবোধনাত্মক শিকন- উদ্দীপক সমূহৰ পৰা আহৰণ কৰা অনুভূতি সমূহ শিশুৱে সংবেদনশীল ইন্দ্ৰিয় সমূহৰ মাধ্যমেৰে অৰ্থবহ কৰি তোলা কাৰ্যই হল সংবোধনাত্মক শিকন।
  • সংপ্ৰত্যেয়মূলক শিকন- ইন্দ্ৰিয় সমূহৰ যোগেদি আহৰণ কৰা সংবেদন , অনুভূতি বা অভিজ্ঞতাৰ সমষ্টিক অৰ্থ প্ৰদান কৰিলে সংবোধন হয় আৰু এই জ্ঞান বা সংবোধনক উন্নত আৰু সু-সংগঠিত কৰিলে সংপ্ৰত্যয়ন লাভ কৰে।
  • অনুৰংগ মূলক শিকন- কোনো এটা নিৰ্দিষ্ট অভিজ্ঞতা মাধ্যমত আন এটা নতুন অভিজ্ঞতা আহৰণ কৰাৰ প্ৰক্ৰিয়াই অনুৰংগ মূলক শিকন। পুৰণি অভিজ্ঞতাৰ লগত সংযুক্ত কৰি নতুন জ্ঞান আহৰণ কৰাৰ প্ৰক্ৰিয়া।
  • মনোভাৱ মূলক শিকন- এই শিকনে শিশুৰ মনোভাৱ গঠন কৰে। ভাল, বেয়া, সন্তোষ, অসন্তোষ আদিৰ ওপৰত নিৰ্ভৰশীল।
  • সমস্যা সমাধান মূলক শিকন- শিশুৱে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হয়, এই সমস্যা সমূহ সমাধানৰ যোগেদি শিশুৱে সমস্যা সমাধানৰ কৌশল আয়ত্ব কৰে। এনে শিকন কাৰ্যত শিশুৰ বাবে কৃত্ৰিম ভাৱে কোনো সমস্যাৰ সৃষ্টি কৰি সমাধান কৰিবলৈ উৎসাহিত কৰ হয়।
শিকন হস্তান্তৰ

যি প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তিৰ শিকন অভিজ্ঞতা বা অৱস্থাই আন এটা অৱস্থাক প্ৰভাৱান্বিত কৰে তাকেই শিকনৰ হস্তান্তকৰণ বোলা হয়।

যেতিয়া ব্যক্তিয়ে কোনো নতুন পৰিস্থিতি বা প্ৰসংগত আগতে শিকা তথ্য আৰু দক্ষতাৰ প্ৰয়োগ কৰে তেতিয়া শিকনৰ স্থানান্তৰ হয়। স্থানান্তৰ এক পৃথক কাৰ্যকলাপ নহয়, বৰঞ্চ ই শিকন প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংশ।

শিকন হস্তান্তৰ তিনি প্ৰকাৰৰ
  • সদৰ্থক হস্তান্তকৰণ- যেতিয়া এক শৈক্ষিক অৱস্থা বা অভিজ্ঞতাই আন এক শিকন অভিজ্ঞতা লাভ কৰাত সহায় কৰে তাকে সদাৰ্থক হস্তান্তকৰণ বোলা হয়। উদাহৰণ স্বৰূপে- এখন ফুটবল খেলৰ গ’লকীপাৰে হেণ্ডবেল খেলত গ’লকীপাৰ কৰিব লগা হ’লে আগৰ অভিজ্ঞতাই সহায় কৰে।
  • নঞাৰ্থক বা ঋণাত্মক হস্তান্তকৰণ- যেতিয়াই কোনো এক শিকন অভিজ্ঞতা বা অৱস্থাই আন এটা অৱস্থাক দূৰ্বল কৰে বা বাধা প্ৰদান কৰে তাকে নঞাৰ্থক বা ঋণাত্মক হস্তান্তকৰণ বোলা হয়। যেনে- ভাষা শিকনৰ ক্ষেত্ৰত প্ৰথম ভাষাৰ জ্ঞানে দ্বিতীয় ভাষাৰ শিকনত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে বা অসুবিধাৰ সৃষ্টি কৰে।
  • শূন্য হস্তান্তকৰণ- যেতিয়া কোনো এক শিকন অবস্থা বা অভিজ্ঞতাই আন এক শিকন প্ৰক্ৰিয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে তেতিয়াই শূন্য হস্তান্তকৰণ বোলা হয়। যেনে ক্ৰিকেট খেলত বলিং কৰা কাৰ্যই কম্পিউটাৰত টাইপিং কৰা কাৰ্যত কোনো প্ৰভাৱ নেপেলাই।
স্থানান্তৰকৰণৰ ধৰণ বা গঠন
  • পাৰ্শীয় স্থানান্তৰকৰণ- যেতিয়া শিক্ষাৰ্থীয়ে শ্ৰেনীত বুজি পোৱা আৰু ব্যৱহৃত কৌশল সমূহ শ্ৰেনীকক্ষৰ বাহিৰৰ শিক্ষণতো ব্যৱহাৰ কৰিব পাৰে তেতিয়াই তাক পাৰ্শ্বীয় স্থানান্তৰকৰণ বোলা হয়।
  • অনুক্ৰমিক স্থানান্তৰকৰণ- অতীতৰ শিক্ষনে বৰ্তমানৰ শিক্ষনত সুবিধা প্ৰদান কৰিলে তাকে অনুক্ৰমিক স্থানান্তৰকৰণ বোলা হয়।
  • অনুভূমিক স্থানান্তৰকৰণ- পাৰ্শীয় আৰু অনুক্ৰমিক দুয়োটাই এক প্ৰকাৰ অনুভূমিক স্থানান্তৰকৰণ। কাৰণ শিক্ষাৰ্থীয়ে স্থানান্তৰকৰণত একেধৰণৰ আচৰণৰ শ্ৰেনীত থাকে।
  • উলম্বিক স্থানান্তৰকৰণ- যেতিয়াই কোনো এক শিকন অভিজ্ঞতা বা অৱস্থাই আন এটা অৱস্থাক দূৰ্বল কৰে বা বাধা প্ৰদান কৰে তাকে উলম্বিক স্থানান্তৰকৰণ বোলা হয়।
  • দ্বিপাক্ষিক স্থানান্তৰকৰণ- মানৱ শৰীৰটো দুই ভাগত বিভক্ত, যেনে সোঁফাল আৰু বাওঁফাল। যেতিয়া এটা ফালৰ শিক্ষন তেতিয়া স্বত:স্ফূত ভাৱে আনটো ফাল উপকৃত হয়, ইয়াকে দ্বিপাক্ষিক স্থানান্তৰকৰণ বোলা হয়।
শিকন হস্তান্তৰকৰণৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা

১) অভিজ্ঞতালব্ধ দিশসমূহৰ সাৰ্বজনীনকৰণ উপলব্ধি কৰাৰ ক্ষেত্ৰত শিক্ষকে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে।

২) অভিজ্ঞতাসমূহ বাস্তৱ জীৱনৰ লগত সম্বন্ধিত কৰি কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা ক্ষমতা বিকশাই তোলা।

৩) শিকনৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ছাত্ৰ ছাত্ৰী সকলক সচেতন কৰি তোলা।

৪) উপযুক্ত শিক্ষনৰ জৰিয়তে বিমূৰ্ত ধাৰণা সমূহ অধিক অৰ্থবহ কৰি উপস্থাপন কৰা।

৫) শ্ৰেনীকক্ষত পাঠদানৰ সময়ত উপযুক্ত কৌশলৰ প্ৰয়োগ কৰি অভিজ্ঞতা হস্তান্তকৰনত সহায় কৰা।

আচৰণবাদৰ প্ৰাৰম্ভিক ধাৰণা আৰু প্ৰয়োগ

আচৰণবাদী ধাৰণাৰ আৰম্ভনি হৈছিল ১৯শ শতিকাত। এই ধাৰণাৰ পৃষ্ঠপোষক আছিল জন বি ৱাটচন আৰু বী এফ স্কীনাৰ। আচৰণবাদী সকলৰ মতে কোনো ব্যক্তি বা প্ৰানীয়ে বাহিৰৰ উদ্দীপক সমূহক সংবেদনৰ জৰিয়তে আহৰণ কৰি তাৰ প্ৰতি সহাঁৰি জনোৱা কাৰ্যই হ’ল আচৰণ। সাধাৰণ ক্ৰিয়া কলাপ সমূহ যেনে কাহ মৰা, হাঁচি মৰাৰ পৰা আৰম্ভ কৰি উন্নত আৰু উচ্চস্তৰৰ চিন্তা চৰ্চা সকলোৱেই উদ্দীপক আৰু ইয়াৰ প্ৰতিক্ৰিয়া হিচাপেহে সংঘটিত হয় বুলি ক’ৱ খোজে। আচৰণবাদী সকলৰ মতে তথাকথিত মনৰ কোনো বাস্তৱ ভিত্তি নাই। মনৰ পৰিবৰ্তে জীৱৰ আচৰণক শাৰীৰিক বা দৈহিক ক্ৰিয়া কলাপ ৰূপেহে ব্যাখ্যা কৰে।

আচৰণবাদৰ বৈশিষ্ট্য

মনোবিজ্ঞানক বিজ্ঞানভিত্তিকভাৱে প্ৰতিস্থিত কৰিবলৈ সচেতনতাৰ পৰিবৰ্তে আচৰণক গ্ৰহন কৰিব লাগে।

আচৰণে মানুহৰ লগতে জীৱ জন্তুৰ আচৰণ অন্তভুক্ত কৰে। মানুহৰ আচৰণ জটিল আৰু জীৱজন্তুৰ আচৰণ সহজ সৰল আৰু আচৰণৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰে।

আচৰণবাদী সকলে অনুভুতি, আৱেগ, আদিৰ পৰিৱৰ্তে উদ্দীপক, প্ৰতিক্ৰিয়া, অভ্যাস আদি শব্দৰ ব্যৱহাৰ কৰে।

আচৰণবাদে দেহ আৰু মনৰ সম্বন্ধত গুৰুত্ব প্ৰদান নকৰে। তেওঁলোকৰ মতে আচৰণ মগজুৰ দ্বাৰা পৰিচালিত নহয় ইন্দ্ৰিয়, পেশী অৰু গ্ৰন্থিসমূহৰ দ্বাৰাহে পৰিচালিত হয়।

শিকন আৰু আচৰণবাদ

আচৰণবাদী সকলে যিহেতু দৈহিক ক্ৰিয়াকলাপৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে সেয়েহে তেওঁলোকৰ মতে শিকন এক সম্পূৰ্ণ দৈহিক প্ৰক্ৰিয়া। শিকন কাৰ্য দৈহিক পুনৰাবৃত্তিৰ পৰিণতি মাথোন। এনে পৰিপেক্ষিতত শিকন ব্যৱস্থাত শিকাৰুৱে সুখদায়ক প্ৰতিক্ৰিয়া সমূহ গ্ৰহণ কৰে আৰু দুখদায়ক প্ৰতিক্ৰিয়া সমূহ পৰিহাৰ কৰে। থৰ্ণডাইকৰ শিক্ষাৰ নীতিৰ এই ক্ষেত্ৰত গ্ৰহণযোগ্য।

পেভলভে এক পৰীক্ষাৰ জৰিয়তে ঘণ্টাৰ শব্দ আৰু কুকুৰৰ লালতি ওলোৱাৰ লগত সংযোগ কৰি এক তত্ব আগবঢ়াই, আনহাতে ৱাটচনে ঘণ্টা আৰু এলবাৰ্ট নামৰ শিশুৰ ভয়ৰ লগত সংযোগ সাধন কৰি এক তত্ব আগবঢ়াই ইয়াকে অনুবন্ধন বাদ বোলা হয়।

এই তত্ত্বৰ যোগে আচৰণবাদে মানুহৰ শিকনৰ জটিল প্ৰক্ৰিয়াক সহজ আৰু এক যান্ত্ৰিক সূত্ৰত দাঙি ধৰিবলৈ সক্ষম হয়। উল্লেখনীয় যে মানুহৰ শিক্ষণৰ বৌদ্ধিক প্ৰক্ৰিয়াক ইয়াত জন্তুৰ শিক্ষণৰ দৈহিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰে ব্যাখ্যা কৰা হয়। কিন্তু ইয়াত মানুহৰ শিক্ষণত প্ৰয়োজন হোৱা আগ্ৰহ-অভিৰুচি, আৱেগ-অনুভূতি আৰু অভিৰোচন আদি মানসিক প্ৰভাৱ বা কাৰক সমূহ আচৰণবাদে সমূলি অস্বীকাৰ কৰে।

শিকনত আচৰণবাদৰ প্ৰয়োগ

শিকনত আচৰণবাদৰ গুৰুত্ব উল্লেখ কৰা হ’ল-

  • শিশুৰ শিকন প্ৰক্ৰিয়াৰ দিশত– আচৰণবাদে শিকনৰ দিশসমূহক বাস্তৱ আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিবলৈ পথ প্ৰসস্ত কৰে। ফলত শিক্ষন শিকন ব্যৱস্থাক তত্ববাদী মননাত্মক বিশ্লেষণ সমূহ একচত্ৰীৰ প্ৰভাৱৰ পৰা মুক্ত কৰি দৈহিক আৰু স্নায়ুবিক দৃষ্টিকোণ সমূহ অধ্যয়ন কৰাৰ পথ প্ৰশস্ত কৰে। ফলত ক্ৰিয়াৰ অনুশীলন, অনুবন্ধন আৰু অভ্যাস আদিৰ সু-স্পষ্ট ধাৰণা দিবলৈ সমৰ্থ হৈছে।
  • পৰিৱেশ– পৰিৱেশে শিশুৰ ব্যক্তিত্ব গঠনকাৰী উপাদান হিচাপে আচৰণবাদী সকলে বিশ্বাস কৰে। শিশুৰ বা প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰাত সুবিধা হোৱাৰ লগতে শিশুৰ বাবে অপ্ৰয়োজনীয় অসুস্থ পৰিৱেশ আতঁৰ কৰিবলৈ সুবিধা হয়।
  • শিশুৰ চিন্তন প্ৰক্ৰিয়া- শিশুৰ চিন্তা কৰা কাৰ্যক আচৰণবাদী সকলে দৈহিক প্ৰক্ৰিয়া হিচাপে গণ্য কৰে। শিশুৰ চিন্তন ক্ৰিয়াৰ বাবে তাৰ প্ৰাৰম্ভিক পৰ্যায়ত মৌখিক ভাষাৰ শুদ্ধ উচ্চাৰণ কৰাটো আৰু তাৰ অনুশীলন কৰাটো প্ৰয়োজন। শৈশৱ কালত শুদ্ধভাৱে শব্দ উচ্চাৰণৰ যোগে ভাষাজ্ঞান মৌখিকভাৱে লাভ কৰি উঠিব পাৰিলেহে পৰৱৰ্তী কালত তাৰ চিন্তন কাৰ্যত সহায়ক হৈ উঠিব পাৰে।
  • শিশুৰ আৱেগ অনুভূতি- আচৰণবাদে শিশুৰ আৱেগ অনুভূতি সন্দৰ্ভত নতুনত্ব প্ৰদান কৰি শিশুৰ ক্ৰোধ, ভয় আৰু মৰম মৌলিক আৱেগ স্বৰূপে বৰ্ণনা কৰে। এই মৌলিক আৱেগসমূহ সৃষ্টি হ’ব পৰা শিশুৰ দৈহিক পৰিস্থিতিৰ প্ৰতি শিক্ষক-অভিভাৱকসকলক বিশেষ সাৱধান হোৱাটো প্ৰয়োজন।
  • আচৰণৰ প্ৰত্যেক্ষ নিৰীক্ষণ- শিশুয়ে বিভিন্ন পৰিস্থিতিত প্ৰদৰ্শন কৰা দৈহিক আচৰণ প্ৰত্যক্ষ ভাৱে নিৰীক্ষণ কৰা হয়। তেওঁলোকৰ মনৰ অনুভূতি দৈহিক আচৰণৰ যোগে তাৰ স্বাভাৱিক প্ৰকাশ হৈ উঠাৰ আশা কৰা হয়। সেয়েহে শিক্ষকসকল প্ৰকৃত অৰ্থত ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণৰ এজন অভিজ্ঞ নিৰীক্ষক হোৱা বাঞ্চনীয়।
শ্ৰেনীকক্ষত আচৰণবাদৰ প্ৰয়োগৰ উদাহৰণ
  • শিক্ষকে এটা বিষয় শ্ৰেণীকোঠাত উপস্থাপন কৰে।
  • শিক্ষাৰ্থীসকলে নীৰৱে শুনি থাকে।
  • ইয়াৰ পিছত শিক্ষকে তথ্যৰ ওপৰত আধাৰিত কৰি এটা ক্ৰিয়া কলাপ নিৰ্ধাৰণ কৰে।
  • শিক্ষাৰ্থীসকলে কামটো সম্পূৰ্ণ কৰে আৰু প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰে।
  • শিক্ষকে মতামত দিয়ে, তাৰ পিছত পৰৱৰ্তী কাম নিৰ্ধাৰণ কৰে।
  • প্ৰতিটো পৰ্যায়ৰ প্ৰতিক্ৰিয়াৰ সৈতে, শিক্ষাৰ্থীজনক বিষয়টো শিকিবলৈ চৰ্ত প্ৰদান কৰে।
শিকন অক্ষমতা

শিকন অক্ষমতা বা অসুবিধা হৈছে শিশুৰ দৈহিক, মানসিক এক স্থিতি যাৰ ফলত তথ্য সমূহ আহৰণ কৰা, বুজি পোৱা আৰু কাৰ্যকৰী কৰাত অসুবিধাৰ সন্মুখীন হয়। ই বিভিন্ন কাৰকৰ ফলত হ’ৱ পাৰে।

  • বংশগত কাৰণ- জিনগত সমস্যাৰ বাবে শিকনত সমস্যাৰ সন্মুখিন হ’ৱ পাৰে। অভিভাৱক বা পৰিয়ালৰ কোনো সদস্যৰ এনে সমস্যা থাকিলে পাছৰ প্ৰজন্মৰ ক্ষেত্ৰত দেখা দিব পাৰে।
  • জন্ম-সম্বন্ধীয় সমস্যা– মাতৃ গৰ্ভত থকা অৱস্থাত বা জন্মৰ সময়চোৱাত আঘাট প্ৰাপ্ত হোৱাৰ ফলত শিশুৰ বিকাশত বাধাগ্ৰস্থ হ’ৱ পাৰে। গৰ্ভত থকা কালত মাদক দ্ৰৱ্য ব্যৱহাৰ কৰিলেও এনে অসুবিধা দেখা দিব পাৰে।
  • দূৰ্ঘটনা– কোনো দূৰ্ঘটনাৰ ফলত মষ্টিষ্কত আঘাট পালে, নাইবা পুষ্টিজনিত সমস্যা, ৰাসায়নিক সাৰযুক্ত শাকপাচলি ফলমূলৰ ব্যৱহাৰৰ ফলত শিকন অসুবিধাৰ সৃষ্টি হ’ৱ পাৰে।
শিকন অক্ষমতাৰ লক্ষন সমূহ
  • স্বাভাৱিক শিশুৰ সৈতে সম্পাদনামূলক নাইবা শাব্দিক বুদ্ধ্যাংক একে নাইবা স্বাভাৱিক প্ৰসাৰতকৈ কিছু বেছি হ’লে।
  • গঠন, শিকন, আৰু গননা আদি কাৰ্যত একে বয়সৰ শিশুতকৈ কমেও দুবছৰৰ ব্যৱধানত পিছপৰা হ’লে।
  • জটিল আৱেগিক বিশৃংখলতাত ভোগা দেখ নাযায়।
  • সময়ৰ জ্ঞান বা অংকৰ তালিকা কোৱাত অসুবিধা।
  • কৰ্ম সম্পাদনাত জটিলতা আৰু শ্ৰেনীকাৰ্য পলমকৈ জমা দিয়া।
  • বুদ্ধিহীন যেন দেখা পোৱা আৰু প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাত পলম কৰা।
  • অতি কম স্মৰণ শক্তি।
  • পঠন আৰু লিখনত পৰ্যাপ্ত পৰিমাণে ভুল কৰা। শব্দৰ ক্ৰম নিৰ্ধাৰণত অসমৰ্থ হোৱা।
শিকন অক্ষমতাৰ ভাগ
  • এলেক্সিয়া- পঠন অক্ষমতা। পঠনৰ ক্ষেত্ৰত অসুবিধা হয়। শব্দ বা বাক্যসমূহ পঢ়িবলৈ অসমৰ্থ হয়।
  • ডিছলেক্সিয়া- ডিছলেক্সিয়া হ’ল এক বিশেষ শিকন অসমৰ্থতা। ই শিক্ষাৰ্থীৰ গঠন আৰু অনুষংগিক ভাষাভিত্তিক তথ্য সংশোধন দক্ষতাক প্ৰভাৱিত কৰে। এই অসুবিধাৰ সন্মুখিন হোৱা শিক্ষাৰ্থীয়ে সলসলীয়াকৈ পঢ়িব নোৱাৰে, গল্প কাহিনী পাঠ কৰিব নোৱাৰে, কথা মনত পেলাৱ নোৱাৰে, লিখাত আৰু বানান শিকাত অসুবিধা পায়। ইয়াক ভাষাভিত্তিক শিকন অক্ষমতা বুলিও কোৱা হয়।
  • ডিছকেল্কুলীয়া- গনিতৰ নিয়ম আৰু যুক্তি বুজাত অসুবিধা হয়। গানিতিক চিহ্ন সমূহ চিনাক্তকৰণ কৰাত অসুবিধা হয়।
  • ডিছগ্ৰাফিয়া- লিখনৰ সমস্যা। হাতৰ আখৰ লিখন দক্ষতা আৰু সূক্ষ্ম অংগ সঞ্চালনৰ দক্ষতাক প্ৰভাৱিত কৰে। বানান ভূল হয় আৰু দীঘলীয়া লিখনি লিখাত অসুবিধা হয়।
  • ডিছপ্ৰেক্সিয়া- সঞ্চালনমূলক সমস্যা। চকু আৰু হাতৰ মাজত সমন্বয় আৰু ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত অসমৰ্থ হয়।
শিকনৰ ক্ষেত্ৰত থকা ব্যক্তিগত আৰু সামাজিক-সাংস্কৃতিক পাৰ্থক্য সমূহ
ব্যক্তিগত পাৰ্থক্য সমূহ
  • শাৰিৰীক দিশত থকা পাৰ্থক্য প্ৰত্যেক শিশু বা ব্যক্তিৰে শাৰিৰীক গঠন বা শাৰিৰীক ক্ষমতা আন ব্যক্তিৰ তুলনাত পৃথক হয়।
  • বুদ্ধিগত পাৰ্থক্য বুদ্ধি হৈছে এক জন্মগত ভাৱে আহৰণ কৰা গুণ। পৰিৱেশৰ পৰা আহৰণ কৰা বিভিন্ন তথ্য আৰু অভিজ্ঞতাৰ জৰিয়তে ইয়াৰ বিকাশ হয়। প্ৰত্যেক ব্যক্তিৰে বুদ্ধিৰ পৰিমাণ সমান নহয়, আৰু ই শিকনৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে।
  • আগ্ৰহৰ পাৰ্থক্য আগ্ৰহ হৈছে মনোযোগৰ আটাইতকৈ প্ৰয়োজনীয় আৰু আভন্ত্যৰীণ কাৰণ। আগ্ৰহে মনোযোগ প্ৰদানত উৎসাহ যোগাই। আগ্ৰহ ব্যক্তিৰ অনুভুতি জড়িত অভিজ্ঞতাৰ পৰা সৃষ্টি হৱ পাৰে। আগ্ৰহ অনুযায়ী শিকন ভিন্ন ভিন্ন হৱ পাৰে। উদাহৰণ স্বৰূপে- এজন শিশুৱে গণিত বিষয়ত বেছি আগ্ৰহী আৰু আন এজন শিশু বিজ্ঞানৰ প্ৰতি বেছি আগ্ৰহী হ’ৱ পাৰে।
  • অংগসঞ্চালন মূলক পাৰ্থক্য ব্যক্তি ভেদে অংগসমূহৰ সঞ্চালন ক্ষমতা ভিন্ন ভিন্ন হয়। আৰু ই কোনো এক বিষয়ৰ শিকনত প্ৰভাৱ পেলায়। যেনে এজন খেলুৱৈৰ অংগসঞ্চালন ক্ষমতা সাধাৰণ ব্যক্তি এজনতকৈ পৃথক।
  • মনোভাৱগত পাৰ্থক্য মনোভাৱ হৈছে ব্যক্তিৰ মনৰ এক পৰ্যায় যি এক পথেৰে প্ৰকাশিত হয়। ই ব্যক্তিৰ স্বত:স্ফূত স্বভাৱ। ই এক বিশেষ বস্তু, ঘটনা, আদিৰ সৈতে জড়িত আবেগ, বিশ্বাস, আৰু আচৰণৰ প্ৰতি দেখুৱা ভাৱধাৰা। প্ৰত্যেক ব্যক্তিৰ মনোভাৱ পৃথক হয়।
সামাজিক-সাংস্কৃতিক পাৰ্থক্য সমূহ
  • ভাষাগত পাৰ্থক্য
  • আৰ্থ সামাজিক পাৰ্থক্য
  • সাংস্কৃতিক দিশত থকা পাৰ্থক্য
  • দৰিদ্ৰতা
  • মূল্যবোধ সম্পৰ্কীয় পাৰ্থক্য

D.El.Ed curriculum SCERT Assam

FAQ

শিকন মানে কি?

শিকন এনে এক প্ৰক্ৰিয়া যি এজন ব্যক্তিৰ জন্মৰ সময়ৰ পৰাই আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত অব্যাহত থাকে। পৰিৱৰ্তনশীল পৰিৱেশৰ প্ৰয়োজনীয়তা অনুসৰি ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুসৰি শিকাৰ প্ৰচেষ্টাত নিয়োজিত হৈ থাকে।

শিকনৰ প্ৰকাৰ সমূহ কি কি?

শিকনৰ প্ৰকাৰ সমূহ হৈছে-
দৈহিক শিকন, মৌখিক শিক্ষণ, ধাৰণা শিকন, বৈষম্যমূলক শিকন, নীতিগত শিকন, সমস্যা সমাধানৰ দ্বাৰা শিকন, মনোভাৱ শিকন।

শিকন হস্তান্তৰ কি?

যেতিয়া ব্যক্তিয়ে কোনো নতুন পৰিস্থিতি বা প্ৰসংগত আগতে শিকা তথ্য আৰু দক্ষতাৰ প্ৰয়োগ কৰে তেতিয়া শিকনৰ স্থানান্তৰ হয়। স্থানান্তৰ এক পৃথক কাৰ্যকলাপ নহয়, বৰঞ্চ ই শিকন প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংশ।

সামাজিক-সাংস্কৃতিক পাৰ্থক্য সমূহ কি কি?

সামাজিক-সাংস্কৃতিক পাৰ্থক্য সমূহ এনেধৰণৰ-
ভাষাগত পাৰ্থক্য
আৰ্থ সামাজিক পাৰ্থক্য
সাংস্কৃতিক দিশত থকা পাৰ্থক্য
দৰিদ্ৰতা
মূল্যবোধ সম্পৰ্কীয় পাৰ্থক্য

এলেক্সিয়া কি?

এলেক্সিয়া হৈছে এক প্ৰকাৰৰ পঠন অক্ষমতা।ব্যক্তিৰ পঢ়াৰ ক্ষেত্ৰত অসুবিধা হোৱা দেখা যায়। শব্দ বা বাক্যসমূহ সঠিকভাৱে পঢ়িবলৈ অসমৰ্থ হয়।

ডিছলেক্সিয়া কি ?

ডিছলেক্সিয়া হ’ল এক বিশেষ শিকন অসমৰ্থতা। যি শিক্ষাৰ্থীৰ গঠন আৰু অনুষংগিক ভাষাভিত্তিক তথ্য সংশোধন দক্ষতাক প্ৰভাৱিত কৰে। এই অসুবিধাৰ সন্মুখিন হোৱা শিক্ষাৰ্থীয়ে সলসলীয়াকৈ পঢ়িব নোৱাৰে, গল্প কাহিনী পাঠ কৰিব নোৱাৰে, কথা মনত পেলাৱ নোৱাৰে, লিখাত আৰু বানান শিকাত অসুবিধা পায়। ইয়াক ভাষাভিত্তিক শিকন অক্ষমতা বুলিও কোৱা হয়।

ডিছগ্ৰাফিয়া কি?

ডিছগ্ৰাফিয়া হৈছে লিখন সমস্যা। ডিছগ্ৰাফিয়াৰ ফলত হাতৰ আখৰ লিখন দক্ষতা আৰু সূক্ষ্ম অংগ সঞ্চালনৰ দক্ষতাৰ বিকাশ নহয়। বানান ভূল হয় আৰু দীঘলীয়া লিখনি লিখাত অসুবিধা হয়।

নঞাৰ্থক বা ঋণাত্মক হস্তান্তকৰণ কি?

যেতিয়াই কোনো এক শিকন অভিজ্ঞতা বা অৱস্থাই আন এটা অৱস্থাক দূৰ্বল কৰে বা বাধা প্ৰদান কৰে তাকে নঞাৰ্থক বা ঋণাত্মক হস্তান্তকৰণ বোলা হয়।
যেনে- ভাষা শিকনৰ ক্ষেত্ৰত প্ৰথম ভাষাৰ জ্ঞানে দ্বিতীয় ভাষাৰ শিকনত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে বা অসুবিধাৰ সৃষ্টি কৰে।

শিকন হস্তান্তৰ কেই প্ৰকাৰৰ?

শিকন হস্তান্তৰ তিনি প্ৰকাৰৰ।

ডিছকেল্কুলীয়া কি?

ডিছকেল্কুলীয়া হৈছে এনে এক শিকন অক্ষমতা যাৰ ফলত গনিতৰ নিয়ম আৰু যুক্তি বুজাত অসুবিধা হয়। গানিতিক চিহ্ন সমূহ চিনাক্তকৰণ কৰাত অসুবিধা হয়।