What is Lesson Plan
Lesson plan is a detailed outline or guide that helps teachers structure and organize their instructional activities for a specific class or lesson. It provides a roadmap for teachers to follow, ensuring that they cover the necessary content and meet the learning objectives.
CONTENTS
তথ্যৰ চিনাক্তকৰণ
বিদ্যালয়ৰ নাম- ………… প্ৰাথমিক বিদ্যালয় শ্ৰেণী- চতুৰ্থ শ্ৰেণী শিক্ষাৰ্থীৰ সংখ্যা- শ্ৰেনী কক্ষ অনুযায়ী গড় বয়স- আঠ বছৰ সময়- ৪০ মিনিট তাৰিখ- ২2/০6/২০২৩ | বিষয়- পৰিৱেশ অধ্যয়ন পাঠ- পানী পাঠ্যপুথি- পৰিৱেশ অধ্যয়ন শিক্ষকৰ নাম- ………….. |
সাধাৰণ উদ্দেশ্য
১) শিক্ষাৰ্থীৰ সকলক চৌপাশৰ পৰিৱেশ সম্বন্ধে জানিবলৈ সক্ষম কৰি তোলা। ২) শিক্ষাৰ্থীসকলক পৰিৱেশৰ ভিন ভিন বিষয়বস্তুৰ শ্ৰেণীকৰণ কৰিবলৈ সক্ষম কৰি তোলা। ৩) শিক্ষাৰ্থীসকলক পৰিৱেশৰ বিভিন্ন উপাদান সমূহ বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আৰু তাৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম কৰি তোলা। ৪) শিক্ষাৰ্থীসকলক পৰিৱেশৰ দ্বাৰা আমাৰ জীৱনত ঘটি থকা সমস্যা সমূহ সমাধানৰ বাবে কৌশল আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।
শিক্ষণীয় সঁজুলি
১) সাধাৰণ সঁজুলি- পাঠ্যপুথি, কৃষ্ণফলক, খৰি-মাটি, বুৰুজ, নিৰ্দেশক মাৰি। ২) বিশেষ সঁজুলি- সংচিত্ৰ, ছৱি।
প্ৰস্তাৱনা
স্তৰ | ৰ্পূৰ্বজ্ঞানৰ ধাৰণা | শিক্ষকৰ কাৰ্যাৱলী | শিক্ষাৰ্থীৰ কাৰ্যাৱলী |
প্ৰ স্তা ৱ না | ধাৰণা কৰা হয় যে শিক্ষাৰ্থীসকলৰ বিভিন্ন পানীৰ উৎস সম্পৰ্কে কিছু জ্ঞান আছে। | শিক্ষকে হাঁহি মুখেৰে শিক্ষণীয় সঁজুলিসমূহ লৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্ন সমূহ সুধি শিক্ষাৰ্থীক পাঠৰ প্ৰতি অভিৰোচিত কৰিব- ১) পানী আমি ক’ৰ পৰা পাওঁ? ২) দমকল, কুঁৱা আদিলৈ পানী ক’ৰ পৰা আহে? শিক্ষাৰ্থীসকলৰ পৰা যথাযথ উত্তৰ পোৱা পাছত শিক্ষকে আজি আমি আমাৰ পাঠ্যপুথিত থকা “পানী” নামৰ পাঠটিৰ “জলচক্ৰ” আলোচনা কৰিম। শিক্ষকে পাঠৰ নাম বোৰ্ডত স্পষ্টকৈ লিখি দিব। | শিক্ষাৰ্থীসকলে শিক্ষকক থিয় হৈ সন্মান জনাই আসন গ্ৰহণ কৰিব আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিব। ১) দমকল, কুঁৱা, নদী ২) ভূ-গৰ্ভৰ পৰা, বৰষুণৰ পৰা। শিক্ষাৰ্থী সকলে উক্ত পাঠটি নিজ নিজ পাঠ্যপুথিত উলিয়াই ল’ব আৰু পাঠৰ নাম নিজৰ টোকাবহীত লিখি ল’ব। |
উপস্থাপন
স্তৰ | শিক্ষণীয় বিষয় | বিশেষ উদ্দেশ্য | শিক্ষকৰ কাৰ্যাৱলী | শিক্ষাৰ্থীৰ কাৰ্যাৱলী | আকাংক্ষিত শিক্ষণৰ ফলাফল |
উ প স্থা প ন | পানীৰ উৎস জলচক্ৰ | শিক্ষাৰ্থীসকলক পানীৰ উৎস সমূহ বাখ্যা কৰিবলৈ সক্ষম কৰি তোলা। শিক্ষাৰ্থীসকলক জলচক্ৰৰ সংজ্ঞা কবলৈ সক্ষম কৰি তোলা। | শিক্ষকে পাঠৰ ধাৰণা স্পষ্ট কৰিবৰ বাবে সংচিত্ৰৰ সহায় লৈ পানীৰ উৎস সমূহৰ বাখ্যা কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ বোধগম্যতাৰ বুজ লবলৈ তলৰ প্ৰশ্ন কেইটা সুধিব- ১) পানীৰ উৎস সমূহ কি কি? শিক্ষাৰ্থীসকলৰ পৰা যথাযথ উত্তৰ পোৱা পাছত শিক্ষকে এখন সংচিত্ৰৰ সহায়ত জলচক্ৰৰ বৰ্ণনা কৰিব, আৰু অগ্ৰগতিৰ বুজ ল’বৰ বাবে তলৰ প্ৰশ্নটো সুধিব। ১) জলচক্ৰ কাক বোলে? | শিক্ষাৰ্থীসকলে শিক্ষণ সামগ্ৰীসমূহ আগ্ৰহেৰে চাব আৰু মনোযোগেৰে শুনিব, ইয়াৰ পাছত শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিব- ১) দমকল, কুঁৱা, নদ-নদী, সাগৰ শিক্ষাৰ্থীসকলে শিক্ষণ সামগ্ৰীসমূহ আগ্ৰহেৰে চাব আৰু মনোযোগেৰে শুনিব, ইয়াৰ পাছত শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিব- ১) পুখুৰী, নদী, হ্ৰদ, সাগৰৰ পানী বাস্প হৈ ডাৱৰ হয়, আৰু ঠাণ্ডা হৈ পুনৰ পৃথিৱীলৈ নামি আহে তাকে জলচক্ৰ বোলে। | শিক্ষাৰ্থীসকলে পানীৰ উৎস সমূহৰ বোধ লাভ কৰিবলৈ সক্ষম হব। শিক্ষাৰ্থীসকলে পানীৰ উৎস সমূহৰ বোধ লাভ কৰিবলৈ সক্ষম হব। |
সামৰণি
স্তৰ | শিক্ষকৰ কাৰ্যাৱলী | শিক্ষাৰ্থীৰ কাৰ্যাৱলী |
সা ম ৰ ণি | শিক্ষাৰ্থীৰ জ্ঞানৰ স্থায়িত্বতাৰ বাবে পাঠটোৰ সাৰাংশ সংক্ষেপে ব্যাখ্যা কৰিব আৰু তলৰ প্ৰশ্নটো গৃহকাৰ্য হিচাপে কৰি আনিবলৈ কৃষ্ণফলকত লিখি দিব- গৃহকাৰ্য- ১) জলচক্ৰৰ এটি চিত্ৰ অংকন কৰা। সংকেটধ্বনি বজাৰ লগে লগে শিক্ষকে যাৱতীয় শিক্ষণীয় সঁজুলি সামৰি কৃষ্ণফলক পৰিষ্কাৰ কৰিব আৰু শিক্ষাৰ্থীসকলক ধন্যবাদ জনাই শ্ৰেনীকোঠা ত্যাগ কৰিব। | শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু গৃহকাৰ্যটো নিজৰ নিজৰ বহীত লিখি ল’ব। শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব। |
Lesson Plan 2
তথ্যৰ চিনাক্তকৰণ
বিদ্যালয়ৰ নাম- ………… প্ৰাথমিক বিদ্যালয় শ্ৰেণী- তৃতীয় শ্ৰেণী শিক্ষাৰ্থীৰ সংখ্যা- শ্ৰেনী কক্ষ অনুযায়ী গড় বয়স- দহ বছৰ সময়- ৪০ মিনিট তাৰিখ- ২৪/০6/২০২৩ | বিষয়- পৰিৱেশ অধ্যয়ন পাঠ- আমাৰ দৈনন্দিন জীৱনত পানী পাঠ্যপুথি- পৰিৱেশ অধ্যয়ন শিক্ষকৰ নাম- ………….. |
সাধাৰণ উদ্দেশ্য
১) শিক্ষাৰ্থীৰ সকলক চৌপাশৰ পৰিৱেশ সম্বন্ধে জানিবলৈ সক্ষম কৰি তোলা।
২) শিক্ষাৰ্থীসকলক পৰিৱেশৰ ভিন ভিন বিষয়বস্তুৰ শ্ৰেণীকৰণ কৰিবলৈ সক্ষম কৰি তোলা।
৩) শিক্ষাৰ্থীসকলক পৰিৱেশৰ বিভিন্ন উপাদান সমূহ বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আৰু তাৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম কৰি তোলা।
৪) শিক্ষাৰ্থীসকলক পৰিৱেশৰ দ্বাৰা আমাৰ জীৱনত ঘটি থকা সমস্যা সমূহ সমাধানৰ বাবে কৌশল আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলা।
শিক্ষণীয় সঁজুলি
১) সাধাৰণ সঁজুলি- পাঠ্যপুথি, কৃষ্ণফলক, খৰি-মাটি, বুৰুজ, নিৰ্দেশক মাৰি।
২) বিশেষ সঁজুলি- পানীৰ উৎসৰ সংচিত্ৰ, পানীৰ ব্যৱহাৰৰ সংচিত্ৰ
প্ৰস্তাৱনা
স্তৰ | ৰ্পূৰ্বজ্ঞানৰ ধাৰণা | শিক্ষকৰ কাৰ্যাৱলী | শিক্ষাৰ্থীৰ কাৰ্যাৱলী |
প্ৰ স্তা ৱ না | ধাৰণা কৰা হয় যে শিক্ষাৰ্থীসকলৰ পানী সম্পৰ্কে কিছু জ্ঞান আছে। | শিক্ষকে হাঁহি মুখেৰে শিক্ষণীয় সঁজুলিসমূহ লৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু পাঠৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্ন সমূহ সুধি শিক্ষাৰ্থীক পাঠৰ প্ৰতি অভিৰোচিত কৰিব- এটা পাত্ৰত থকা পানী দেখুৱাই সুধিব- ১) এই পাত্ৰটোত কি দেখিছা? ১) পানী আমাক কিয় লাগে ? শিক্ষাৰ্থীসকলৰ পৰা যথাযথ উত্তৰ পোৱা পাছত শিক্ষকে আজি আমি আমাৰ পাঠ্যপুথিত থকা “ আমাৰ দৈনন্দিন জীৱনত পানী” নামৰ পাঠটি আলোচনা কৰিম। শিক্ষকে পাঠৰ নাম বোৰ্ডত স্পষ্টকৈ লিখি দিব। | শিক্ষাৰ্থীসকলে শিক্ষকক থিয় হৈ সন্মান জনাই আসন গ্ৰহণ কৰিব আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিব। ১) পানী ২) খাওঁ, গা ধোৱা, শিক্ষাৰ্থী সকলে উক্ত পাঠটি নিজ নিজ পাঠ্যপুথিত উলিয়াই ল’ব আৰু পাঠৰ নাম নিজৰ টোকাবহীত লিখি ল’ব। |
উপস্থাপন
স্তৰ | শিক্ষণীয় বিষয় | বিশেষ উদ্দেশ্য | শিক্ষকৰ কাৰ্যাৱলী | শিক্ষাৰ্থীৰ কাৰ্যাৱলী | আকাংক্ষিত শিক্ষণৰ ফলাফল |
উ প স্থা প ন | পানীৰ সংজ্ঞা পানীৰে প্ৰয়োজন পানীৰ ব্যৱহাৰ | শিক্ষাৰ্থীসকলক পানীৰ সংজ্ঞা ক’ৱলৈ সক্ষম কৰি তোলা। শিক্ষাৰ্থীসকলক পানীৰ প্ৰয়োজন বাখ্যা কৰিবলৈ সক্ষম কৰি তোলা। শিক্ষাৰ্থীসকলক পানীৰ ব্যৱহাৰ সমূহ বাখ্যা কৰিবলৈ সক্ষম কৰি তোলা। | শিক্ষকে পাঠৰ ধাৰণা স্পষ্ট কৰিবৰ বাবে পানীৰ সংজ্ঞা ক’ৱ আৰু কৃষ্ণফলকত লিখি দিব। শিক্ষকে পানীৰ প্ৰয়োজন সমূহ বাখ্যা কৰিব আৰু অগ্ৰগতিৰ বুজ ল’বৰ বাবে তলৰ প্ৰশ্নটো সুধিব। ১) পানী কি কি কাৰ্যত ব্যৱহাৰ কৰা হয় ? শিক্ষকে পানীৰ ব্যৱহাৰ বৰ্ণনা কৰিব আৰু কিছুমান সংচিত্ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰি, নিৰ্দিষ্ট স্থানত লগাবলৈ উৎসাহিত কৰিব। | শিক্ষাৰ্থীসকলে শুনিব, আৰু নিজৰ নিজৰ বহীত লিখি ল’ৱ। শিক্ষাৰ্থীসকলে আগ্ৰহেৰে শুনিব আৰু ইয়াৰ পাছত শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিব- ১) খোৱা, গা-ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা, শিক্ষাৰ্থী সকলে মন দি শুনিৱ আৰু সংচিত্ৰ সমূহ নিৰ্দিষ্ট স্থানত লগাবলৈ যত্ন কৰিব। | শিক্ষাৰ্থীসকলে পানীৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হব। শিক্ষাৰ্থীসকলে পানী প্ৰয়োজন সমূহৰ বোধ লাভ কৰিবলৈ সক্ষম হব। শিক্ষাৰ্থীসকলে পানীৰ ব্যৱহাৰ সমূহৰ বোধ লাভ কৰিবলৈ সক্ষম হ’ৱ। |
সামৰণি
স্তৰ | শিক্ষকৰ কাৰ্যাৱলী | শিক্ষাৰ্থীৰ কাৰ্যাৱলী |
সা ম ৰ ণি | শিক্ষাৰ্থীৰ জ্ঞানৰ স্থায়িত্বতাৰ বাবে পাঠটোৰ সাৰাংশ সংক্ষেপে ব্যাখ্যা কৰিব আৰু তলৰ প্ৰশ্নটো গৃহকাৰ্য হিচাপে কৰি আনিবলৈ কৃষ্ণফলকত লিখি দিব- গৃহকাৰ্য- ১) পানী অৱিহনে আমাৰ কি কি অসুবিধা হ’ৱ পাৰে বাখ্যা কৰা। সংকেটধ্বনি বজাৰ লগে লগে শিক্ষকে যাৱতীয় শিক্ষণীয় সঁজুলি সামৰি কৃষ্ণফলক পৰিষ্কাৰ কৰিব আৰু শিক্ষাৰ্থীসকলক ধন্যবাদ জনাই শ্ৰেনীকোঠা ত্যাগ কৰিব। | শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু গৃহকাৰ্যটো নিজৰ নিজৰ বহীত লিখি ল’ব। শিক্ষাৰ্থী সকলে থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব। |


Related Videos