ধাৰণাৰ অৰ্থ, মানসিক কাৰ্যকলাপ- concept formation D.El.Ed 3rd 2023

Here we have discussed about SCERT D.El.Ed Third Semester, Paper 3.1 Concept Formation, Meaning of concept, Mental processes in concept formation, Factors affecting development of concepts in childhood, Concept of Intelligence, Role of Intelligence in Concept formation, Bruner’s model of concept learning, and Piaget’s views on concept formation.

ধাৰণা গঠন

ধাৰণাৰ অৰ্থ- ধাৰণা হৈছে পূৰ্ব অভিজ্ঞতাৰ বিমূৰ্ত ৰূপ। ব্যক্তিৰ মনলৈ অহা সাধাৰণ চিন্তা বোৰেই হৈছে ধাৰনা। ইন্দ্ৰিয়গাহ্য উপলবব্ধিবোৰ পূৰ্বৰ অভিজ্ঞতাৰ সৈতে পৰিপুষ্ট হৈ আমাৰ মনত যি চিন্তাৰ উদ্ভৱ হয় তাকে ধাৰণা বুলিব পাৰি। ব্যক্তিৰ চিন্তা, বোধ, যুক্তি যুক্ততা আৰু বিচাৰ বিবেচনা আদি কথা বোৰ স্ব:ধাৰণাই নিয়ন্ত্ৰন কৰে।

Read First Unit about- Concept and Process of learning

ধাৰণাৰ প্ৰকৃতি

ধাৰণা হ’ল মানসিক প্ৰৱনতা।

ধাৰণা হৈছে কিনো বস্তু ব্যক্তি ঘটনা সম্পৰ্কে আমাৰ মনলৈ সাধাৰণীকৃত চিন্তন আৰু মনন।

উদ্দীপকৰ মাজত থকা সাদৃশ্য সমূহৰ ভিত্তিত সাধাৰণীকৃত নামকৰণ।

যিকোনো ঘটনা বা পৰিঘটনা আমাৰ পঞ্চইন্দ্ৰিয়ই উপলবব্ধি কৰাৰ লগে লগে আমাৰ মনলৈ অহা স্বাভাৱিক প্ৰৱনতা।

যিকোনো বস্তু বা পৰিঘটনা সম্পৰ্কে ব্যক্তিৰ অভিজ্ঞতাৰ ভিত্তিত সৃষ্টি হোৱা এক মনছবি।

ধাৰণা গঠন

ধাৰণা গঠন হৈছে সকলো প্ৰকাৰৰ শিকনৰ মৌলিক উপাদান। সকলো মানুহে জন্মৰ পাছৰেপৰা বৃদ্ধাৱস্থালৈকে নতুন নতুন ধাৰণা আয়ত্ব কৰে আৰু পূৰ্বৰ ধাৰাণা সমূহ দৈনন্দিন জীৱনত নতুন পৰিৱেশত প্ৰয়োগ কৰে।

ধাৰণাৰ সংজ্ঞা

কগনৰ মতে “যি কোনো বুদ্ধি সম্পন্ন কাম কৰিবলৈ লোৱাৰ প্ৰাথমিক স্তৰ বা বাহক হ’ল ধাৰণা”।

ম’ৰগানৰ মতে “ধাৰণা হৈছে বস্তু বা ঘটনাৰ এক উমৈহতীয়া বৈশিষ্ট্য প্ৰতিনিধিত্ব কৰাৰ এক প্ৰক্ৰিয়া”.

শিশুৰ ধাৰণা গঠন

শিশুৱে জন্মৰ প্ৰথম বৰ্ষৰ পৰাই ধাৰণা গঠন কৰিবলৈ সক্ষম হয়। চাৰিওফালে থকা বস্তুবোৰৰ পৰাই প্ৰাথমিক ধাৰণা গঠন কৰে। মুখেৰে প্ৰকাশ কৰিব নোৱাৰিলেও আঙুলিয়াই দেখুৱাই দিব পাৰে। উপযুক্ত আৰু সমৃদ্ধিশালী পৰিৱেশত শিশুৰ ধাৰণা গঠন খৰতকীয়া আৰু শক্তিশালী হয়।

ধাৰণা
Assamese lesson plan PDF
ধাৰণা গঠনৰ লগত জড়িত মানসিক কাৰ্যকলাপ সমূহ
  • সংবেদন- উদ্দীপকৰ পৰা অহা তথ্য সমূহ পঞ্চইন্দ্ৰিয় বা সংবেদন ইন্দ্ৰিয়ৰ যোগেদি আহৰণ কৰা।
  • উপলবব্ধি- উদ্দীপকৰ পৰা আহৰণ কৰা তথ্য সমূহ উপলবব্ধি কৰা।
  • বিশ্লেষণ- আহৰণ কৰা তথ্য সমূহ বিভক্ত কৰি পুংখা নুপুংখকৈ বুজিবলৈ যত্ন কৰা।
  • সংশ্লেষন- বিভক্ত তথ্য সমূহ একত্ৰীকৰণ কৰি বুজিবলৈ যত্ন কৰা। জ্ঞাতৰ পৰা অজ্ঞাতলৈ গতি কৰা। অৰ্থাৎ প্ৰদত্ত তথ্য সমূহৰ পৰা অপ্ৰদত্ত তথ্যৰ বুজ লবলৈ আগবঢ়া।
  • তুলনা- এটা তথ্যৰ লগত আন এটাৰ তুলনা কৰা।
  • নামাকৰণ- আহৰণ কৰা তথ্য সমূহৰ উপযুক্ত নামকৰণ কৰি চিনাক্ত কৰা।
ধাৰণা গঠনৰ পৰ্যায় সমূহ

তিনিটা পৰ্যায়ৰ মাজেদি ধাৰণা গঠন হয়।

ইন্দ্ৰিয়বোধ– জ্ঞানেন্দ্ৰিয়ৰ সহায়ত বাহ্যিক পৃথিৱীৰ সম্পৰ্কে জ্ঞান লাভ কৰা। ই হৈছে মনৰ এক সজ্ঞান প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত ব্যক্তিয়ে পৰিৱেশৰ প্ৰতি সচেতন হয় আৰু উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

প্ৰতেক্ষ জ্ঞান– জ্ঞানেন্দ্ৰীয় সমূহে পৃথকে পৃথকে কাৰ্য কৰে। প্ৰাথমিক অৱস্থাত জ্ঞানেন্দ্ৰিয়ৰ সহায়ত আহৰণ কৰা তথ্য অৰ্থযুক্ত নহয়। এনে ক্ষেত্ৰত আহৰণ কৰা তথ্য সমূহ আগৰ অভিজ্ঞতাৰ লগত তুলনা কৰি অৰ্থৱহ কৰি তোলাৰ প্ৰক্ৰিয়াটোৱেই হ’ল প্ৰত্যেক্ষ জ্ঞান। যি মানসিক অৱস্থাই চেতনাবোধৰ অৰ্থ নিৰূপন কৰে তাকে প্ৰতেক্ষ জ্ঞান বোলা হয়।

ধাৰণাত উপনীত হোৱা– জ্ঞানেন্দ্ৰিয়ই আহৰণ কৰা অভিজ্ঞতা সমূহক শৃংখলাবদ্ধভাৱে সজাই অৰ্থযুক্ত  বোধ উদয় হোৱাৰ পাছত কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত ধাৰণাত উপনীত হয় আৰু ইয়াক উপযুক্ত পৰিৱেশত প্ৰয়োগ কৰাৰ বাবে উপযোগী হৈ উঠে।

শিশুৰ ধাৰণাৰ বিকাশৰ স্তৰ সমূহ
  • শিশুৰ আত্ম ধাৰণা- শিশুৰ নিজৰ অংগ প্ৰত্যেংগ সমূহ চিনাক্ত কৰিব জনা ক্ষমতাৰ বিকাশ হয়। সম্বন্ধবোৰ বুজিবপৰা হয়, লিংগ নিৰ্নয় কৰিব পৰা হয়।
  • স্থানিক ধাৰনা– ভিতৰত, বাহিৰত, ওপৰত, তলত, বহি থকা, থিয় হৈ থকা, গৈ থকা, ৰৈ থকা আদি স্থানৰ ধাৰণা বুজিব পৰা হয়।
  • সময়ৰ ধাৰণা– শিশুৱে বিভিন্ন সময়ৰ ধাৰণা গঠন কৰে। ৰাতি হোৱা দিন হোৱা আদি বুজিব পৰা হয়।
  • আকাৰ আকৃতি আৰু ৰঙৰ ধাৰনা– শিশুৱে ডাঙৰ সৰু, বহল, ঠেক আদি ধৰিব পৰা হয়। আৰু বিভিন্ন ৰং সমূহ চিনাক্ত কৰিব পৰা হয়।
  • সংখ্যাৰ ধাৰণা- সংখ্যাৰ ধাৰণা শিশুৱে লাহে লাহে গঠন কৰিবলৈ সক্ষম হয়। এটা দুটা আদি বস্তুৰ পৰিমান বুজি উঠিবলৈ সক্ষম হয়।
  • টকা পইচাৰ ধাৰণা– সংখ্যাৰ ধাৰণাৰ পাছতে টকা পইচাৰ ধাৰণাও শিশুৱে লাভ কৰিবলৈ সক্ষম হয়।
শিশুৰ ধাৰণা গঠনত প্ৰভাৱিত কৰা কাৰক সমূহ
  • মনোযোগ আৰু আগ্ৰহ
  • ভৌতিক বা শাৰিৰীক সমাযোজন
  • শিশুৰ অনুসন্ধিৎসা
  • পঞ্চ ইন্দ্ৰিয়ৰ কাৰ্যকাৰীতা
  • বুদ্ধিমত্তা
  • শিকনৰ সুযোগ
  • অভিজ্ঞতা
  • আৰ্থসামাজিক মৰ্যদা
বুদ্ধি

বুদ্ধিৰ ইংৰাজী প্ৰতিশব্দ “Intelligence” শব্দটো লেটিন ভাষাৰ Intelligentiaৰ পৰা আহিছে। যাৰ অৰ্থ হ’ল বুজি পোৱা।

টাৰমেনৰ মতে “বুদ্ধি হ’ল বিমূৰ্ত চিন্তা কৰিব পৰা ক্ষমতা”।

মনোবিজ্ঞানী ষ্টানৰ মতে- বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূল কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা।

বুদ্ধিৰ বৈশিষ্ট্য
  • বুদ্ধি হৈছে ব্যক্তিৰ এক জন্মগত ক্ষমতা।
  • বুদ্ধি হৈছে নতুন পৰিস্থিতিৰ লগত সমাযোজনৰ এক কৌশল।
  • বুদ্ধি হৈছে বিমূৰ্ত চিন্তা কৰিবপৰা এক কৌশল।
  • শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল যদিও বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়।
বুদ্ধিৰ প্ৰকাৰ

মনোবিজ্ঞানী থৰ্ণডাইকে বুদ্ধিক তিনি প্ৰকাৰত ভাগ কৰিছে।

  • মূৰ্ত বা বাস্তৱ বুদ্ধি- শাৰিৰীক কৌশল আৰু ক্ৰিয়া কলাপৰ লগত জড়িত। শাৰিৰীক ভাৱে কৰা ক্ৰিয়া কলাপৰ পৰা আহৰণ কৰা বিভিন্ন কৌশল আৰু দক্ষতাৰ জৰিয়তে এই বুদ্ধি বিকশিত হয়। উদাহৰণ স্বৰূপে- অভিযন্তা, বনুৱা, দৰ্জী, মিস্ত্ৰী আদি।
  • বিমূৰ্ত বা ভাৱাত্মক বুদ্ধি- বিমূৰ্ত ক্ৰিয়া কলাপৰ জড়িত। যিটো হাতেৰে চুই চাব নোৱাৰি। যেনে- শব্দ, বাক্য, ধাৰণা, সূত্ৰ, তথ্য, গাণিতিক প্ৰতীক ইত্যাদি।
  • সামাজিক বুদ্ধি- ব্যক্তিয়ে জীৱন কালত সামাজিক জীৱনৰ পৰিস্থিতিত বহু সমস্যাৰ সন্মুখীন হয় আৰু ইবোৰৰ সমাধানৰ কৌশল আয়ত্ব কৰে। ইয়াতে সামাজিক বুদ্ধি বুলিব পাৰি। এইবোৰৰ ভিতৰত উকিল, বক্তা, নেতা, সমাজকৰ্মী আদি।

FAQ

ধাৰণা গঠন কি?

ধাৰণা গঠন হৈছে সকলো প্ৰকাৰৰ শিকনৰ মৌলিক উপাদান। সকলো মানুহে জন্মৰ পাছৰেপৰা বৃদ্ধাৱস্থালৈকে নতুন নতুন ধাৰণা আয়ত্ব কৰে আৰু পূৰ্বৰ ধাৰাণা সমূহ দৈনন্দিন জীৱনত নতুন পৰিৱেশত প্ৰয়োগ কৰা প্ৰক্ৰিয়া।

ধাৰণা গঠনত বুদ্ধিৰ ভূমিকা?

ধাৰণাৰ অৰ্থ- ধাৰণা হৈছে পূৰ্ব অভিজ্ঞতাৰ বিমূৰ্ত ৰূপ। ব্যক্তিৰ মনলৈ অহা সাধাৰণ চিন্তা বোৰেই হৈছে ধাৰনা। ইন্দ্ৰিয়গাহ্য উপলবব্ধিবোৰ পূৰ্বৰ অভিজ্ঞতাৰ সৈতে পৰিপুষ্ট হৈ আমাৰ মনত যি চিন্তাৰ উদ্ভৱ হয় তাকে ধাৰণা বুলিব পাৰি। ব্যক্তিৰ চিন্তা, বোধ, যুক্তি যুক্ততা আৰু বিচাৰ বিবেচনা আদি কথা বোৰ স্ব:ধাৰণাই নিয়ন্ত্ৰন কৰে।

Official Notification
Official website
Other Job
Recent Job
Reselling job