Question Paper Setting in Assamse, প্ৰশ্ন কাকতৰ নক্সা কিদৰে প্ৰস্তুত কৰা হয়।
প্ৰশ্ন কাকতৰ সংজ্ঞা
প্ৰশ্ন কাকতৰ নক্সা হৈছে শিকন শিকন প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ। শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণ বা আয়ত্বকৰণৰ মাণ নিৰূপন আৰু মূল্যায়নৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষা সমূহ প্ৰনালীবদ্ধ ভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশ্ন কাকতৰ ব্যৱস্থা কৰা হয়। শিক্ষাৰ্থীৰ সকলো দিশৰ বিকাশ সাধনৰ মান নিৰূপন কৰিবৰ বাবে প্ৰশ্ন কাকত এখনে বহু খিনি গুৰুত্বপূৰ্ণ দিশ সাঙুৰি লবলগীয়া হয়।
প্ৰশ্ন কাকত এখনে নিৰ্দিষ্ট সময়ৰ ভিতৰত শিক্ষাৰ্থীৰ Cognitive Domain সমূহ যেনে জ্ঞান, বোধ, প্ৰয়োগ, আৰু কৌশল, সমস্যা সমাধানৰ ক্ষমতা, সমালোচনাত্মক চিন্তা ধাৰা, চিনাক্ত কৰণ, গানিতিক ক্ষমতা, আদিৰ বিকাশ নিৰূপন কৰাত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ বাবে কেইবাটাও সিদ্ধান্তৰ ভিত্তিৰ প্ৰশ্ন কাকত এখন প্ৰস্তুত কৰা হয়।
প্ৰশ্ন কাকত এখন প্ৰস্তুত কৰিবলৈ যাওতে পোন প্ৰথমে আমি মন কৰিব লগীয়া কথা হল’ প্ৰশ্ন কাকতখন কোন শ্ৰেনীৰ বাবে প্ৰস্তুত কৰা হৈছে, কোন বয়সৰ শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ প্ৰশ্ন কাকতৰ নক্সাৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দ্বাৰা প্ৰকাশ কৰা আৰ্হিটো অতি উত্তম। ইয়াত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বয়স, ক্ষমতা, তথা অগ্ৰহ, আদিৰ ওপৰত সম্পূৰ্ণ গৱেষণাৰ ভিত্তিত প্ৰশ্ন কাকত প্ৰস্তুত কৰা কৌশল বৰ্ণনা কৰা হৈছে।
উদ্দেশ্যৰ পাছতে প্ৰশ্ন কাকতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰাৰ বাবে সময়, প্ৰশ্ন অনুযায়ী নম্বৰ, প্ৰশ্নৰ কঠিনতা, প্ৰশ্নৰ প্ৰকাৰ, নিৰ্ধাৰণ কৰা পাঠ বা বিষয় সমূহৰ পৰা নিৰ্ধাৰিত কৰা পৰিমানত প্ৰশ্নৰ অন্তভুক্তি আদি সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
প্ৰশ্ন কাকত এখন প্ৰতিজন শিশুৰ বাবে উপযোগী হোৱা উচিৎ। উচ্চ বুদ্ধি সম্পন্ন শিক্ষাৰ্থীৰ পৰা দুৰ্বল শিক্ষাৰ্থী সকলোৰে বাবে প্ৰশ্ন কাকত এখন উপযোগী হোৱা উচিৎ। ইয়াৰ বাবে প্ৰশ্ন কাকতত যথাযথ পৰিমানত কঠিন সহজ আৰু মধ্যমীয়া প্ৰশ্নৰ অন্তভুক্ত কৰাটো বাঞ্চনীয়।
এই সকলো দিশ সমূহ আগত ৰাখি প্ৰশ্ন এখন প্ৰস্তু কৰিবলৈ যাওঁতে যি প্ৰনালীবদ্ধ পদ্ধতিৰ ব্যৱহাৰ কৰা হয়, ইয়কে প্ৰশ্ন কাকতৰ নক্সা বুলি কোৱা হয়। প্ৰশ্ন কাকতৰ নক্সা কেনেদৰে প্ৰস্তুত কৰা হয়, তলত বিস্তৃত ভাৱে আলোচনা কৰা হল।
প্ৰশ্ন কাকতৰ নক্সা প্ৰস্তুত কৰাৰ বাবে পাচ প্ৰকাৰৰ সিদ্ধান্তৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সিদ্ধান্ত সমূহ এনেধৰণৰ-
১। উদ্দেশ্যৰ ক্ষেত্ৰত লব লগা সিদ্ধান্ত।
২। দিতীয়তে প্ৰশ্নৰ প্ৰকাৰৰ ওপৰত লব লগা সিদ্ধান্ত।
৩। তৃতীয় সময়ৰ ক্ষেত্ৰত লব লগা সিদ্ধান্ত।
৪। চতুৰ্থতে বিষয় বস্তুৰ ওপৰত লব লগা সিদ্ধান্ত।
৫। আৰু শেষৰটো কঠিনতাৰ ওপৰত লব লগা সিদ্ধান্ত।
নং | সিদ্ধান্ত |
1 | উদ্দেশ্যৰ ক্ষেত্ৰত লব লগা সিদ্ধান্ত। |
2 | প্ৰশ্নৰ প্ৰকাৰৰ ওপৰত লব লগা সিদ্ধান্ত। |
3 | সময়ৰ ক্ষেত্ৰত লব লগা সিদ্ধান্ত |
4 | বিষয় বস্তুৰ ওপৰত লব লগা সিদ্ধান্ত |
5 | কঠিনতাৰ ওপৰত লব লগা সিদ্ধান্ত। |
উদ্দেশ্যৰ ক্ষেত্ৰত লব লগা সিদ্ধান্ত।
উদ্দেশ্যৰ ক্ষেত্ৰত লব লগা সিদ্ধান্তত ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশলৰ মূল্যায়ন কৰিবলৈ থকা প্ৰশ্নৰ সংখ্যা উল্লেখ থাকিব। লগতে প্ৰশ্ন সমূহৰ নম্বৰ আৰু নম্বৰৰ শতাংশ থাকিব।ধৰি লোৱা হওক এখন প্ৰশ্ন কাকতৰ মুঠ নম্বৰ ২০। এতিয়া তলত দিয়া ধৰণে নম্বৰৰ শতাংশ আৰু নম্বৰ সমূহ ভাগ কৰা হব।
উদ্দেশ্য | জ্ঞান | বোধ | প্ৰয়োগ | কৌশল | মুঠ |
নম্বৰৰ শতাংশ | 35% | 25% | 25% | 15% | 100 |
নম্বৰ | 7 | 5 | 5 | 3 | 20 |
প্ৰশ্নৰ প্ৰকাৰৰ ওপৰত লব লগা সিদ্ধান্ত।
দ্বিতীয়তে প্ৰশ্নৰ প্ৰকাৰৰ ওপৰত লব লগা সিদ্ধান্তত, প্ৰশ্নৰ প্ৰকাৰ যেনে অতি চমু, চমু, বস্তুনিষ্ঠ, ৰচনা ধৰ্মী আদি উল্লেখ থাকিব। লগতে এই প্ৰকাৰ সমূহৰ প্ৰশ্নৰ সংখ্যা আৰু নিৰূপিত নম্বৰ উল্লেখ থাকিব।উদাহৰণ স্বৰূপে ২০ নম্বৰৰ প্ৰশ্নৰ কাকত খনত তলত দেখুৱা ধৰণে প্ৰশ্ন সমূহ বিভাজন কৰা হব।
প্ৰশ্নৰ প্ৰকাৰ | অতি চমু | চমু | বস্তু-নিষ্ঠ | ৰচনাধৰ্মী | মুঠ |
প্ৰশ্নৰ সংখ্যা | 3 | 2 | 2 | 2 | 8 |
নিৰূপিত নম্বৰ | 3 | 5 | 2 | 10 | 20 |
সময়ৰ ক্ষেত্ৰত লব লগা সিদ্ধান্ত।
তৃতিয়তে সময়ৰ ক্ষেত্ৰত লব লগা সিদ্ধান্তত বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন যেনে চমু, অতি চমু,৷ ৰচনা ধৰ্মী আদিৰ বাবে নিৰূপন কৰা সময় উল্লেখ থাকিব আৰু লগতে প্ৰশ্নৰ সংখ্যা, নিৰূপিত নম্বৰ উল্লেখ থাকিব।
প্ৰশ্নৰ প্ৰকাৰ | অতি চমু | চমু | বস্তু-নিষ্ঠ | ৰচনাধৰ্মী | মুঠ |
প্ৰশ্নৰ সংখ্যা | 3 | 2 | 2 | 2 | 8 |
নিৰূপিত নম্বৰ | 3 | 5 | 2 | 10 | 20 |
নিৰূপিত সময় | 3 মিনিট | 10 মিনিট | 2 মিনিট | 30 মিনিট | 45 মিনিট |
বিষয় বস্তুৰ ওপৰত লব লগা সিদ্ধান্ত।
চতুৰ্থতে বিষয় বস্তুৰ ওপৰত লব লগা সিদ্ধান্তত মূল্যায়ন কৰিব লগা বিষয় সমূহ, পাঠ্যক্ৰমৰ গোট আদি উল্লেখ থাকিব। তলত দিয়া ধৰণে Unit name, Lesson Name, আৰু প্ৰতিটো পাঠৰ বাবে ধাৰ্য কৰা নম্বৰ উল্লেখ থাকিব।
ক্ৰম নং | গোট | বিষয় বস্তু | মুঠ |
1 | Unit 1 | Lesson Name | |
2 | Lesson Name | ||
3 | Unit 2 | Lesson Name | |
4 | Lesson Name |
কঠিনতাৰ ওপৰত লব লগা সিদ্ধান্ত।
কঠিনতাৰ ক্ষেত্ৰত প্ৰ্শ্ন সমূহ কিমান কঠিন, সহজ, মধ্যমীয়া, কঠিন, আদি প্ৰকাৰত ভাগ কৰি উদাহৰন স্বৰূপে প্ৰায় ৫০% সহজ, ২৫% শতাংশ মধ্যমীয়া, আৰু ২৫% কঠিন প্ৰশ্নত ভাগ কৰিব। আৰু নম্বৰ সমূহ উল্লেখ কৰিব।
কঠিনতা | প্ৰশ্নৰ শতাংশ | নম্বৰ |
সহজ | 50% | 10 |
মধ্যমীয়া | 25% | 5 |
কঠিন | 25% | 5 |
মুঠ | 100 | 20 |
ইয়াৰ পাছতে আইটেম চিট বনাব লাগিব যত প্ৰশ্ন সমূহ লিখা হব। প্ৰত্যেক খন চিটতে এটাকৈ প্ৰশ্ন থাকিব। উদাহৰণ স্বৰূপে তলত এখন আইটেম চিট দেখুৱা হৈছে-

প্ৰশ্নৰ লগতে উদ্দেশ্য, সময়, প্ৰকাৰ, কঠিনতা, গোট, আৰু নম্বৰ উল্লেখ কৰা থাকিব।
ইয়াৰ পাছতে মূল ব্লুপ্ৰিন্ট খন প্ৰস্তুত কৰা হয়। ইয়াত এখন টেবুল বনাই আগত উল্লেখ কৰা সকলো বিষয় সামৰি লোৱা হব। এখন ডাঙৰ A3 পেপাৰত এইখন প্ৰস্তুত কৰিলে সুবিধা হব।
ব্লু প্ৰিন্ট খন বনোৱাৰ পাছত প্ৰশ্ন সমূহৰ বিশ্লেষন আগবহোৱা হয়। প্ৰশ্ন সমূহ ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে সমাধান কৰিব তাকে লিখি দিয়া হয়। যেনে, মনত পেলাই লিখিব, বুজাই লিখিব, বহলাই লিখিব, অংকন কৰিব আদি। লগতে প্ৰশ্নৰ প্ৰকাৰ, গোট, নিৰূপিত নম্বৰ, সময় আদিও উল্লেখ কৰি দিয়া হয়।
ক্ৰম | উদ্দেশ্য | বিশেশত্ব | গোট | প্ৰশ্নৰ প্ৰকাৰ | ৰ্নিৰূপিত নম্বৰ | সময় | কঠিনতা |
1 | জ্ঞান | মনত পেলোৱা | 1 | অতি চমু | 1 মিনিট | সহজ | |
2 | জ্ঞান | মনত পেলোৱা | 2 | অতি চমু | 1 মিনিট | ||
3 | জ্ঞান | মনত পেলোৱা | 3 | অতি চমু | |||
4 | জ্ঞান | মনত পেলোৱা | 3 | বস্তু নিষ্ঠ | |||
5 | জ্ঞান | মনত পেলোৱা | 1 | বস্তু নিষ্ঠ | |||
6 | জ্ঞান | মনত পেলোৱা | 2 | চমু | |||
7 | বোধ | বুজাই লিখা | ৰচনা ধৰ্মী | মধ্যমীয়া | |||
8 | প্ৰয়োগ | বহলাই লিখা | 1 | ৰচনা ধৰ্মী | কঠিন | ||
9 | কৌশল | অংকন কৰা | চমু | সহজ |
Question paper settings শেষৰ step হৈছে মুল্যায়নৰ মাপকাঠি
ইয়াত প্ৰশ্ন সমূহ ক্ৰমে উল্লেখ কৰি তাৰ উত্তৰ সমূহ লিখি দিয়া হয়। উত্তৰৰ বিপৰীতে কেনে ধৰনে বা কিমান অংশ লিখিলে ছাত্ৰ ছাত্ৰীক কিমান নম্বৰ প্ৰদান কৰিব তাকো উল্লেখ কৰা হয়।
প্ৰশ্ন নং | নম্বৰ প্ৰদানৰ কেন্দ্ৰ | নম্বৰ নিৰূপন | মুঠ নম্বৰ |
1 | উত্তৰ | 2 | 1 |
2 | |||
3 |
ইমানতে এখন প্ৰশ্ন কাকতৰ নক্সা তৈয়াৰ কাৰ্য সমাপ্ত হয়।