Yoga in Assamese: যোগাসন, প্ৰকাৰ, বিভিন্ন আসন, উপকাৰিতা 23

Yoga in Assamese- যোগৰ অৰ্থ হ’ল মিলন আৰু সমতা স্থাপন। শৰীৰ, মন আৰু আত্মাৰ মাজত ঐক্য আৰু সংহতি স্থাপনেই হৈছে যোগ। ব্যক্তিয়ে যেতিয়া মনৰ সমস্ত চঞ্চলতা ত্যাগ কৰি মন বা চিত্তৰ স্থিৰ আৰু শান্ত অৱস্থাপ্ৰাপ্ত হয় সেই অৱস্থাকেই যোগা বোলা হয়। ই এক ভাৰতীয় প্ৰাচীন পৰম্পৰাগত পদ্ধতি ইয়াক পৌৰাণিক বিজ্ঞান হিচাপেও বিভূষিত কৰা হয়।

সিন্ধু সভ্যতাৰ সময়ৰ পৰাই (আনুমানিক খ্ৰীষ্টপূৰ্ব ৩০০০) ভাৰতবৰ্ষত যোগচৰ্চাৰ প্ৰচলনৰ প্ৰমান পোৱা যায়।

প্ৰৱৰ্তক

প্ৰাচীন ভাৰতৰ বহু কাহিনীমতে মুনিপ্ৰবৰ পতঞ্জলিয়েই যোগবিদ্যাৰ পিতৃস্বৰূপ। তেখেতে লিখা “যোগসূত্ৰকে” পৃথিৱীৰ প্ৰথম যৌগিক গ্ৰন্থ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। তেওঁ যোগপদ্ধতিক সুন্দৰকৈ সজাই পৰাই দেহশুদ্ধিৰ পথ হিচাপে প্ৰতিষ্ঠা কৰে। যোগ কোনো ধৰ্ম নহয়, ই সুস্থ দেহ আৰু মনৰ আদৰ্শ জীৱন যাপনৰ এক সাৰ্বজনীন পন্থা।

যোগৰ প্ৰাসংগিকতা

বৰ্তমান যুগত যুগ বিদ্যাৰ প্ৰয়োগ কেৱল ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ বিশ্বতে যোগৰ অনুশীলনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে যোগৰ গুণাৱলী সমূহ। সাম্প্ৰতিক সময়ত আধুনিক জীৱন যাপনৰ প্ৰনালীৰ ফলত ব্যক্তিৰ ৰোগ-ব্যাধিৰ পৰিমাণ দ্ৰুত হাৰত বৃদ্ধি হৈছে। মানুহৰ মানসিক চাপ, উদ্বিগ্নতা, আদি পাইছে। আধুনিক চিকিৎসা বিজ্ঞানেও সকলো ব্যাধিৰ উপযুক্ত চিকিৎসা কৰাত বহু ক্ষেত্ৰত বিফল হোৱা দেখা যায়। যোগ চৰ্চা এনে এক প্ৰাকৃতিক উপাই যাৰ দ্বাৰা মানুহৰ মানসিক উত্তেজনাৰ প্ৰশমন ঘটাই দেহ আৰু মনক সুস্থিৰ কৰে আৰু ব্যক্তিৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বিকশিত কৰে।

শৰীৰ, মন আৰু আত্মাৰ শৃংখলতা ৰক্ষা কৰি ব্যক্তিৰ ব্যক্তিত্ব গঠনত যোগাভ্যাসে এক গুৰুত্ব ভুমিকা পালন কৰিব পাৰে।

যোগ চৰ্চাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ভাৰত চৰকাৰে “ৰাষ্ট্ৰীয় যোগ গৱেষণা পৰিষদ” গঠন কৰে।

যোগৰ প্ৰচাৰৰ বাবে বৰ্তমান ভাৰতবৰ্ষত কেইবাটাও অনুষ্ঠানে ভূমিকা গ্ৰহণ কৰি আছে-

১) শিৱানন্দ মঠ আৰু যোগাশ্ৰম সংঘ, গুৱাহাটী, অসম।

২) শিৱানন্দ যোগাশ্ৰম ও যৌগিক হস্পিটাল, কলিকতা।

৩) অৰবিন্দ আশ্ৰম, পণ্ডিচেৰী।

৪) বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰী।

৫) ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, গুৱাহাটী, অসম।

যোগৰ প্ৰকাৰ

যোগ মূলত চাৰি প্ৰকাৰৰ। মন্ত্ৰযোগ, হঠযোগ, লয়যোগ, ৰাজযোগ। ইয়াৰ ভিতৰত সকলো ব্যক্তিয়ে সহজে গ্ৰহণ কৰিব পৰা ব্যৱহাৰিক যোগপন্থাটো হৈছে, হঠযোগ।

হঠযোগৰ অৰ্থ

হঠযোগৰ ‘হ’ ৰ অৰ্থ জীৱনীশক্তি বা প্ৰাণ, আৰু ‘ঠ’ ৰ অৰ্থ মানসিক শক্তিৰ আধাৰ মন’ক বুজাই। কিছু সংখ্যক বাখ্যাত হঠযোগৰ অৰ্থ ভিন্ন ভাৱে বৰ্ণণা কৰা হৈছে। ইয়াৰ মতে ‘হ’ ৰ অৰ্থ সূৰ্য আৰু ‘ঠ’ ৰ অৰ্থ চন্দ্ৰ।

মুঠৰ ওপৰত ‘হঠ’ শব্দৰ অৰ্থ হৈছে শক্তি আৰু দৃঢ়তা।

হঠ যোগৰ উদ্দেশ্য

হঠযোগৰ মূল উদ্দেশ্য হৈছে শৰীৰৰ সাধনাৰ জৰিয়তে মনৰ উৎকৰ্ষ সাধন কৰা। হঠযোগৰ চৰ্চাৰ ফলত মানৱদেহৰ সপ্তধাতু, গ্ৰন্থি, পেশী, ৰস, তেজ, আদি সৱল হয়, মনৰ একগ্ৰতা আৰু স্থিৰতা বৃদ্ধি হয়। পতঞ্জলিৰ যোগ সূত্ৰত মনৰ ভাৱ বা অৱস্থাক যোগশাস্ত্ৰত চিত্ত বৃত্তি বোলা হৈছে। চিত্ৰৰ পাচঁটা বৃত্তি আছে- ক্ষিপ্ত, মূঢ়, বিক্ষিপ্ত, একাগ্ৰ, আৰু নিৰুদ্ধ।

অষ্টাংগ যোগ

পতঞ্জলিৰ যোগসূত্ৰত আঠ প্ৰকাৰ যোগৰ কথা উল্লেখ আছে এই সমূহ হঠযোগৰ অন্তভূক্ত। এই যোগসমূহ হ’ল যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি।

যম

যম শব্দৰ অৰ্থ হ’ল সংযম। যম পালনৰ জৰিয়তে নিজকে অনৈতিক কাৰ্যৰপৰা আঁতৰাই ৰাখি নৈতিক কৰ্মৰ লগত জড়িত ৰাখিব পাৰি। যমৰ আকৌ পাচঁটা অংগ আছে, যাক পঞ্চযম বুলিও কোৱা হয়। এই পঞ্চযম হ’ল অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ।

নিয়ম

শৃংখলাবদ্ধ আৰু পৰিকল্পিতভাৱে জীৱন ধাৰণৰ বাবে পালনীয় কিছুমান নিত্য নৈমিত্তিক কৰ্তব্যই নিয়ম। নিয়মৰ ভাগ পাঁচটা। শৌচ, সন্তোষ, স্বাধ্যায়, তপস্যা আৰু ঈশ্বৰ প্ৰণিধান।

আসন

আসন হ’ল হঠযোগৰ প্ৰথম অংগ। আসনৰ অৰ্থব্যঞ্জক সংজ্ঞা হ’ল স্থিৰতা আৰু সুখ। আসন অভ্যাসৰ ফলত শৰীৰৰ অংগসমূহ সুস্থ, সৱল, সতেজ আৰু কৰ্মক্ষম হৈ উঠাৰ লগতে দেহৰ দুৰ্বলতা, অস্থিৰতা, জঠৰতা আৰু এলাহ দূৰ হয় আৰু মনত সজীৱতা বৃদ্ধি পায়। এই আসন দুই প্ৰকাৰৰ- ধ্যানাসন আৰু স্বাস্থ্যাসন। পদ্মাসন, সিদ্ধাসন, সুখাসন, স্বস্তিকাসন, ব্ৰজাসন, ভদ্ৰাসন আৰু গোমুখাসনেই হ’ল ধ্যানাসন। স্বাস্থ্যাসন সমূহৰ নাম এনেধৰণৰ। প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, ষটকৰ্ম।

বিভিন্ন যোগ অভ্যাস

হস্ত সঞ্চালন

প্ৰনালী- ভৰি দুখন লগ লগাই ৰাখি পোন হৈ থিয় হ’ৱ লাগে। এতিয়া বাঁও হাতেৰে সোঁ কান্ধৰ ওপৰত খামুচ মাৰি ধৰা। এতিয়া সোঁ হাতৰ আঙুলিবোৰ মুঠি মাৰি লৈ হাতখন ঘঁড়ীৰ কাঁটাৰ দিশত বৃত্তাকাৰ কৰি এপাক ঘূৰাই পুনৰ বিপৰীত দিশত এপাক ঘূৰোৱা হয়। সোঁ হাতৰ সঞ্চালন কৰাৰ পাছত এইবাৰ একে ধৰণে সোঁ হাতেৰে বাঁও কান্ধত ধৰি বাঁও হাতৰ আঙুলিবোৰ মুঠি মাৰি লৈ হাতখন ঘঁড়ীৰ কাঁটাৰ দিশত বৃত্তাকাৰ কৰি এপাক ঘূৰাই পুনৰ বিপৰীত দিশত এপাক ঘূৰোৱা হয়। এইদৰে দুয়ো হাতৰ সঞ্চালন কৰাৰ পাছত থিয় হৈ থাকি অলপ সময় নাকেৰে দীঘলকৈ উশাহ লোৱা হয়।

উপকাৰীতা- মাংসপেশীৰ বিষ, হাতৰ বিষ আদি সমস্যা দূৰ হয়। কান্ধৰ আৰু হাতৰ মাংসপেশীৰ গঠন সুন্দৰ হয়।

নেত্ৰ সঞ্চালন

প্ৰনালী- হাত দুখন তললৈ নমাই ভৰি দুখন একেলগ কৰি পোন হৈ থিয় হোৱা। তাৰ পাছত চকুৰ নিমিষ নমৰাকৈ চেলাউৰি দুটাৰ মাজলৈ একান্তমনে দৃষ্টি ৰাখা। ১০ ছেকেণ্ড সময় চেলাউৰিৰ ওপৰত এইদৰে দৃষ্টি ৰখাৰ পিছত এইবাৰ চকুৰ নিমিষ নমৰাকৈ নাকৰ শীৰ্ষ বিন্দুত ১০ চেকেণ্ড সময় দৃষ্টি ৰখা। এনেদৰে চেলাউৰি আৰু নাকৰ ওপৰত দৃষ্টি ৰখাৰ পাছত এইবাৰ বাঁওফালে আৰু সোঁফালে দৃষ্টি ৰখা। এনেদৰে চকুৰ চাৰিওফালে দৃষ্টি ৰখাৰ সময়ত চকুৰ পানী ওলালে চকুমুদি খন্তেক সময় বিশ্ৰাম লৈ পুনৰ অভ্যাস কৰা।

উপকাৰীতা- এই নেত্ৰ সঞ্চালন অভ্যাসৰ ফলত দৃষ্টি শক্তিৰ বিকাশ হোৱাৰ লগতে চকুৰ সাধাৰণ সমস্যা থাকিলে সেয়া লাহে লাহে ভাল হয়। চছমা ব্যৱহাৰ কৰা সকলেও ইয়াৰপৰা উপকাৰ পাব পাৰে।

পদ সঞ্চালন

প্ৰনালী- ভৰি দুখন লগ লগাই পোন হৈ থিয় হোৱা। এইবাৰ সোঁ ভৰি ওপৰলৈ কৰি আঁঠু ভাঁজ কৰি দুয়ো হাতেৰে আঁঠুৰ ওচৰত ধৰি ভৰিখনক পেটৰ ওচৰলৈ চপাই আনা আৰু এৰি দিয়া। অনুৰূপভাৱে বাঁও ভৰিখন সঞ্চালন কৰা। এই দৰে দুয়ো ভৰি মিলাই কমেও ১০ বাৰ অভ্যাস কৰা।

প্ৰনালী- দুয়ো ভৰি সন্মুখলৈ কৰি ৰাজহাড় পোন কৰি বহি লোৱা। হাতদুখন কঁকালৰ ওচৰত মাটিত হাতৰ তলুৱা লগাই বহা। এনেকৈ বহা অৱস্থাতে প্ৰথমে সোঁ ভৰিখন কঁকালৰ অংশৰপৰা আগলৈ নি পুনৰ সম অৱস্থালৈ আনা, একেদৰে বাওঁ ভৰিখনো সঞ্চালন কৰা। দুয়ো ভৰি মিলাই কমেও ১০ বাৰ অভ্যাস কৰা।

উপকাৰিতা– ভৰিৰ স্নায়ু, মাংপেশী সুস্থ-সৱল হোৱাৰ লগতে ভৰিৰ বিষ বেদনা দূৰ হয়।

Yoga in Assamese, আসন
বীৰভদ্ৰাসন

বীৰ শব্দৰ অৰ্থ হৈছে যোদ্ধা আৰু ভদ্ৰ শব্দৰ অৰ্থ হৈছে যথাশক্তি।

প্ৰনালী

প্ৰথমতে হাত ভৰি সমান্তৰাল কৰি ৰাখি পোন হৈ থিয় হোৱা। তাৰপাছত জঁপিয়াই দুয়ো ভৰি তিনিফুটমান দূৰত মেলি দিয়া একেলগে হাত দুখনো কান্ধৰ সমান্তৰালভাৱে দুয়োফালে দাঙি ধৰা। এইবাৰ দুয়োহাত মূৰৰ ওপৰলৈ তোলা আৰু হাতৰ তলুৱা লগলগাই ৰাখি লগে লগে সোঁ ফালে ঘূৰি সোঁ আঠু ভাঁজ কৰি ভৰিৰ গোৰোহা আৰু আঁঠুত চাপ প্ৰয়োগ কৰা। এই অৱস্থাত ১০ ছেকেণ্ড থকাৰ পাছত সোঁ ভৰি পিছলি নি সন্মুখলৈ ঘূৰি হাত নমোৱা। অনুৰূপভাৱে বাঁও ভৰি ভাঁজ কৰি একেই প্ৰক্ৰিয়া কৰা। এইদৰে প্ৰৰ্যায়ক্ৰমে ১০ বাৰ অভ্যাস কৰা।

Yoga in Assamese

উপকাৰিতা

নিয়মিতভাৱে এই আসনটো অভ্যাসৰ ফলত শৰীৰৰ বল বৃদ্ধি হোৱাৰ লগতে বুকু আৰু হাঁওফাঁও সুস্থ সৱল হয়। ইয়াৰ লগতে দেহৰ পিছফালৰ মাংসপেশী আৰু কান্ধৰ ব্যায়াম হয়।

ত্ৰিকোণাসন

প্ৰনালী

এই আসন অভ্যাসৰ সময়ত নিজৰ সুবিধা অনুযায়ী দুই ভৰিৰ মাজত ২ ফুট ফাঁক কৰি ৰাখি থিয় হোৱা। এতিয়া আঁঠু পোনকৈ ৰাখি মেৰুদণ্ড বেঁকা কৰি বাঁও হাতেৰে সোঁ ভৰিত স্পৰ্শ কৰা।সোঁ হাত বাঁও হাতৰ পোনে পোনে ওপৰলৈ তুলি পোনকৈ ৰাখা। ডিঙিটো এনেভাৱে ঘূৰোৱা যাতে দৃষ্টি সোঁ হাতৰ তলুৱাৰ ওপৰত থাকে। সাধ্যমতে চাৰি বা পাঁচ চেকেণ্ড মান এনেদৰে থাকি থিয় হোৱা। এতিয়া ঠিক বিপৰীত আসনটো অভ্যাস কৰা। আসনটোত ভালকৈ অভ্যস্ত হ’লে ২০ বা অধিক বাৰ অভ্যাস কৰাটো ভাল।

উপকাৰিতা

এই আসন অভ্যাসৰ ফলত মেৰুদণ্ড নমনীয় হয়। যৌৱনশক্তি অটুট ৰখাত সহায়ক হয়। এই আসনৰ সময়ত মেৰুদণ্ডত প্ৰচুৰ ৰক্ত সঞ্চালন হয়, ফলত দেহৰ আন আন স্নায়ুপেশী সমূহেও পুষ্টিৰ উপাদান লাভ কৰে।

প্ৰলম্বি আসন

প্ৰনালী

এই আসনত হাত দুখন কঁকালৰ ওচৰত ৰাখি ভৰি দুখন লগ লগাই পোন হৈ থিয় হোৱা, এতিয়া দীঘলকৈ শ্বাস গ্ৰহণ কৰি সন্মুখৰ ফালেৰে দুয়োহাত ওপৰলৈ তুলি ভৰিৰ আঙুলিৰ ওপৰত থিয় হ’ৱলৈ যত্ন কৰা।এতিয়া সম্পূৰ্ণ দেহাটো ভৰিৰ আঙুলিৰ পৰা হাতৰ আঙুলিলৈ অলপ টান কৰা। ইয়াৰ পাছত শ্বাস ত্যাগ কৰি হাত ভৰি নমাই আগৰ ঠাইত ৰাখা। এনেদৰে ১০ বা অধিক বাৰ অভ্যাস কৰা।

উপকাৰিতা

হাত, ডিঙি, পিঠি, কঁকাল, আঁঠুৰ বিষ আদি কমোৱাৰ ক্ষেত্ৰত সহায় হোৱা। শাৰীৰিক আৰু মানসিক চাপ কম কৰাত এই আসন অতি উপযোগী।

সিদ্ধাসন

প্ৰনালী

এই আসনৰ সময়ত গুহ্যদ্বাৰ বা যোনি স্থানৰ ওচৰত বাঁও ভৰিৰ গোৰোহা লগোৱা। সোঁ ভৰিৰ আঙুলিবোৰ বাঁও উৰুৰ ওপৰত ৰাখা। এতিয়া ৰাজহাড় পোন কৰি থুঁতৰিটো বুকুৰ হাড়ৰ ওচৰত ৰাখা। দৃষ্টি দুই ভ্ৰুৰ মাজত স্থাপিত কৰা। কমেও দুই তিনি মিনিট সময় এই আসনটো অভ্যাস কৰা।

উপকাৰিতা

এই আসনে কুণ্ডলিনী শক্তি জাগ্ৰত কৰে আৰু সুযুম্না নাড়ী সক্ৰিয় কৰা।

টাডাসন

প্ৰনালী

টাডাসন অভ্যাসৰ সময়ত দুই ভৰি লগ লগাই দৃষ্টি আগলৈ ৰাখি দুয়োখন হাত সন্মুখেৰে সম্পূৰ্ণ ভাৱে মূৰৰ ওপৰলৈ নিয়া। এইবাৰ কান্ধৰপৰা ওপৰলৈ হাত দুখন টানি ধৰা। অলপ সময় এনেদৰে কৰি হাত দুখন দুয়োফালে নমাই দিয়া। কমেও এই আসন পাঁচ বাৰ অভ্যাস কৰা।

Yoga in Assamese
Yoga in Assamese
উৎকাসন

প্ৰনালী

ভৰি দুখন লগ লগাই হাত দুখন কঁকালৰ পৰা দুয়োকাষে ৰাখি তলৰ ফটোত দেখুৱা ধৰণে থিয় হোৱা। দুয়ো হাতৰ তলুৱা স্পৰ্শ কৰি পেট সামান্য আগলৈ ৰাখি চকীত বহাৰ দৰে কৰা। এইদৰে ৬-৭ বাৰ অভ্যাস কৰা।

উপকাৰিতা

ভৰিৰ গাঁঠিবোৰৰ ব্যায়াম হোৱাৰ লগতে সমগ্ৰ শৰীৰটোৱে নতুন শক্তি আহৰণ কৰা।

বৃক্ষাসন

প্ৰনালী

দুই ভৰি লগ লগাই পোনহৈ থিয় হৈ বাঁও ভৰি ভাজ কৰি সোঁ ভৰিত সমস্ত শৰীৰৰ ভৰ দিয়া, পাছত পুনৰ সোঁ ভৰি ভাজ কৰি বাঁও ভৰিত সমস্ত শৰীৰৰ ভৰ দিয়া।

উপকাৰিতা

ভৰি সৱল হয়। ধৈৰ্য শক্তিৰ বিকাশ হয়, লগতে দেহৰ ভাৰসাম্যতা বৃদ্ধি হয়

Yoga in Assamese, পৰ্বতাসন

প্ৰনালী

এই আসনত ভৰি দুখন আগলৈ কৰি মাটিত বহি লোৱা আৰু বাঁও ভৰি সোঁ ভৰিৰ উৰুৰ ওপৰত আৰু সোঁ ভৰি বাঁও ভৰিৰ উৰুৰ ওপৰত স্থাপন কৰা। এতিয়া দুয়ো হাতৰ আঙুলিবোৰ এটাৰ মাজেৰে আনটো সুমুৱাই বুকুৰ সন্মুখৰফালে দুয়ো হাত লোৱা। তাৰ পাছত দুয়ো হাতৰ তলুৱা ওপৰমুৱাকৈ মূৰৰ ওপৰলৈ তোলা। এতিয়া বুকু, কান্ধ আৰু বাহুত সামান্য জোৰ দি ওপৰত ৰখাই থোৱা আৰু মনেৰে ১ৰ পৰা ২০লৈ গননা কৰা। তাৰ পাছত আসনটো আৰম্ভ কৰাৰ ধৰণে লাহেকৈ শেষ কৰা।

উপকাৰিতা

বুকু আৰু কান্ধৰ গঠন সুন্দৰ আৰু নমনীয় হোৱাৰ লগতে চঞ্চল মন স্থিৰ হয়। ভৰিৰ গঠনৰ বাবেও এই আসন উত্তম।

আন আসন সমূহৰ বাবে তলৰ লিংকটোত ক্লিক কৰক।

Home
Read Other Article
Related Article
Job Update
Lesson Plan
Mock Test
Assam career
Important Link
TLM Ideas
Related Articles
Yoga in Assamese

Yoga in Assamese, FAQ

নেত্ৰ সঞ্চালনৰ উপকাৰীতা কি?

নেত্ৰ সঞ্চালন অভ্যাসৰ ফলত দৃষ্টি শক্তিৰ বিকাশ হোৱাৰ লগতে চকুৰ সাধাৰণ সমস্যা থাকিলে সেয়া লাহে লাহে ভাল হয়। চছমা ব্যৱহাৰ কৰা সকলেও ইয়াৰপৰা উপকাৰ পাব পাৰে।

যোগৰ অৰ্থ কি?

যোগৰ অৰ্থ হ’ল মিলন আৰু সমতা স্থাপন। শৰীৰ, মন আৰু আত্মাৰ মাজত ঐক্য আৰু সংহতি স্থাপনেই হৈছে যোগ। ব্যক্তিয়ে যেতিয়া মনৰ সমস্ত চঞ্চলতা ত্যাগ কৰি মন বা চিত্তৰ স্থিৰ আৰু শান্ত অৱস্থাপ্ৰাপ্ত হয় সেই অৱস্থাকেই যোগা বোলা হয়। ই এক ভাৰতীয় প্ৰাচীন পৰম্পৰাগত পদ্ধতি ইয়াক পৌৰাণিক বিজ্ঞান হিচাপেও বিভূষিত কৰা হয়।

অষ্টাংগ যোগ কি কি?

পতঞ্জলিৰ যোগসূত্ৰত আঠ প্ৰকাৰ যোগৰ কথা উল্লেখ আছে এই সমূহ হ’ল যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি।

হঠ যোগৰ উদ্দেশ্য কি?

হঠযোগৰ মূল উদ্দেশ্য হৈছে শৰীৰৰ সাধনাৰ জৰিয়তে মনৰ উৎকৰ্ষ সাধন কৰা। হঠযোগৰ চৰ্চাৰ ফলত মানৱদেহৰ সপ্তধাতু, গ্ৰন্থি, পেশী, ৰস, তেজ, আদি সৱল হয়, মনৰ একগ্ৰতা আৰু স্থিৰতা বৃদ্ধি হয়।

যোগ শিক্ষাৰ প্ৰতিষ্ঠান সমূহৰ নাম কি?

যোগৰ প্ৰচাৰৰ বাবে বৰ্তমান ভাৰতবৰ্ষত কেইবাটাও অনুষ্ঠানে ভূমিকা গ্ৰহণ কৰি আছে-
১) শিৱানন্দ মঠ আৰু যোগাশ্ৰম সংঘ, গুৱাহাটী, অসম।
২) শিৱানন্দ যোগাশ্ৰম ও যৌগিক হস্পিটাল, কলিকতা।
৩) অৰবিন্দ আশ্ৰম, পণ্ডিচেৰী।
৪) বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰী।
৫) ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, গুৱাহাটী, অসম।

যোগৰ মূল প্ৰকাৰ সমূহ কি কি?

যোগ মূলত চাৰি প্ৰকাৰৰ। মন্ত্ৰযোগ, হঠযোগ, লয়যোগ, ৰাজযোগ।

হঠযোগৰ অৰ্থ কি?

হঠযোগৰ ‘হ’ ৰ অৰ্থ জীৱনীশক্তি বা প্ৰাণ, আৰু ‘ঠ’ ৰ অৰ্থ মানসিক শক্তিৰ আধাৰ মন’ক বুজাই।

অষ্টাংগ যোগ কি?

পতঞ্জলিৰ যোগসূত্ৰত আঠ প্ৰকাৰ যোগৰ কথা উল্লেখ আছে এই সমূহ হঠযোগৰ অন্তভূক্ত। এই যোগসমূহ হ’ল যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি।

হস্ত সঞ্চালনৰ উপকাৰীতা কি?

এই আসনৰ ফলত মাংসপেশীৰ বিষ, হাতৰ বিষ আদি সমস্যা দূৰ হয়। কান্ধৰ আৰু হাতৰ মাংসপেশীৰ গঠন সুন্দৰ হয়।

বীৰভদ্ৰাসনৰ উপকাৰীতা কি?

শৰীৰৰ বল বৃদ্ধি হোৱাৰ লগতে বুকু আৰু হাঁওফাঁও সুস্থ সৱল হয়। ইয়াৰ লগতে দেহৰ পিছফালৰ মাংসপেশী আৰু কান্ধৰ ব্যায়াম হয়।